খৈৰাবাৰীত আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন

ওদালগুৰি জিলাৰ খৈৰাবাৰীত অনুসূচীত জাতি আৰু অন্যান্ন জনগোষ্ঠী সকলৰ সাহিত্য সংস্কৃতি প্ৰতিফলিত কৰা ড° বি আৰ আম্বেদকাৰ ভৱন নামৰ নতুন ভৱন এটিৰ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে ৷ বি আৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলা কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ণ মন্ত্ৰী ড° ৰনোজ পেগুৱে ৷ নৱ গঠিত খৈৰাবাৰী বি. আৰ. আম্বেদকাৰ ভৱন পৰিচালনা সমিতিৰ উদ্যোগত ৰবিবাৰে দিনৰ ১ বজাত বি আৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলা কাৰ্যসূচী ৰূপায়ণত মুখ্য ভুমিকা গ্ৰহণ কৰে, কেন্দ্ৰীয় অনুসুচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুশীল সুত্ৰধাৰে ৷


আধাৰশিলা স্থাপন অনুষ্ঠানত কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো,অসম অনুসূচীত জাতি উন্নয়ণ নিগমৰ অধ্যক্ষ জয়ন্ত কুমাৰ দাস আৰু অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে ৷

খৈৰাবাৰীৰ পৰা সূদশন কলিতা

Comments (0)
Add Comment