ঐতিহাসিক মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান লেটেকু পুখুৰীত অখণ্ড ভাগৱত পাঠৰ অনুষ্ঠান
দেওবাৰৰ পৰা সাত দিনীয়াকৈ ব্যাপক প্ৰস্তুতিৰে ঐতিহাসিক মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান নাৰায়নপুৰ লেতেকুপুখুৰী থানত আৰম্ভ হয় অখণ্ড ভাগৱত পাঠৰ অনুষ্ঠান । সুদীৰ্ঘ ৩৫ বছৰে ৫ বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰি অহা ভাগৱত পাঠৰ পৰম্পৰা অনুসৰি এইবছৰো আজিৰে পৰা থান পৰিচালনা সমিতিৰ নেতৃত্বত আয়োজন কৰে সাত দিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ অনুষ্ঠান ।
এই অনুসৰি দেওবাৰে পূৱা ১১ মান বজাত থান পৰিচালনা সমিতিৰ সভাপতি তথা উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদ্দন দেৱ গোস্বামীয়ে ধৰ্মধৰ্জা উত্তোলন কৰা পাছত ভকত সকলে নাম প্ৰসঙ্গ কৰে আৰু সত্ৰাধিকাৰ জৰ্নাদ্দন দেৱ গোস্বামীয়ে আনুষ্ঠানিক ভাৱে মহাভাগৱত শাস্ত্ৰ ভাগি শুভ উদ্বোধন কৰে । উল্লেখযোগ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা ভকত বৈঞ্চৱ সকলৰ সমাগমত থানৰ সমীপৱৰ্তী এলেকাত দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হয় ।
নাৰায়নপুৰ লেতেকুপুখুৰী থানৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ।