জামুগুৰিহাটৰ চুটিয়ামত দহ দিনীয়া ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চুটিয়াম গাঁৱৰ শ্ৰী শ্ৰী ৰামজানকী মন্দিৰ প্ৰাঙ্গনত দহ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰী শ্ৰী মগ্ধ ভাগৱত জ্ঞান মহাযজ্ঞ ও ভগৱান প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ । হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানটিত ভাগৱত পাঠৰ মূল ব্যাখ্যা আগবঢ়াই আচাৰ্য্য পণ্ডিত দেৱনায়ক অধিকাৰীয়ে । ভাগৱত পাঠ অনুষ্ঠানৰ ধৰ্মধ্বজা উত্তোলন কৰে অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বাৰেচহৰীয়া ভাওঁনা সমিতিৰ সভাপতি ভৱ গোস্বামীয়ে । অনুষ্ঠানৰ সভাপতি ৰুদ্ৰ বাহাদুৰ থাপা আৰু সম্পাদক জতিন ভৰালীয়ে জানিবলৈ দিয়া মতে দহদিনীয়া কাৰ্য্যসূচীৰ মূখ্য আকৰ্ষণ হব নন্দোৎসৱ আৰু এক লক্ষাধিক বন্তি প্ৰজ্বলন ৷
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট