মহাকাশলৈ মানুহৰ নগ্ন ছবি প্ৰেৰণ… বেলেগ গ্ৰহৰ প্ৰাণীক আকৰ্ষিত কৰাৰ চেষ্টা নাছাৰ

যোৱা ১৫০ বছৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশ ঘটিছে ৷ অজ্ঞাত গ্ৰহৰ প্ৰাণীৰ বিষয়ে জানিবলৈ মানুহৰ কৌতূহলো সমাই্তৰালভাৱে বৃদ্ধি পাইছে। যদি ‘গ্যালাক্সি’ ছাঁয়াপথত কোনো এলিয়েন আছে, তেনেহ’লে বিজ্ঞানীসকলে আধুনিক পদ্ধতিৰ জৰিয়তে তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছে যদিও প্ৰতিবাৰেই তেওঁলোক বিভিন্ন কাৰণত বিফল হয়।

নাছাৰ জেট প্ৰপালচন লেবৰেটৰীত, জনাথন জিয়াং আৰু তেওঁৰ আন সহযোগী বিজ্ঞানীসকলে ‘বীকন ইন দ্য গ্যালাক্সি’ কাকতত গ্ৰহণকাৰীসকলৰ সৈতে যোগাযোগৰ আধুনিক পদ্ধতিবোৰ ব্যাখ্যা কৰিছে। ইয়াৰ উপৰিও, এই কাকতখনে মাধ্যাকৰ্ষণ শক্তিৰ প্ৰয়োগ, ডিএনএ-ৰ গাঁথনি, আৰু পুৰুষ তথা মহিলাৰ নগ্ন শৰীৰৰ ছবি পিক্সেলৰ জৰিয়তে কেনেদৰে ধৰিব পাৰি বৰ্ণনা কৰিছে।

জনাথনে কোৱাৰ দৰে, “বাইনাৰী কোড, অৰ্থাৎ ০ আৰু ১ সংখ্যাবোৰ, বিভিন্ন গ্ৰহত বাস কৰা লোকসকলৰ সৈতে সহজে যোগাযোগ কৰিব পাৰি। কিছুমান বিশেষজ্ঞ অৱশ্যে ইয়াক লৈ চিন্তিত। তেওঁলোকৰ মতে, বিজ্ঞানীসকলে এই নতুন পদ্ধতি প্ৰয়োগ কৰি বিপদজনক পদ্ধতি গ্ৰহণ কৰিছে ।

অৱশ্যে, নাছাৰ বিজ্ঞানীসকলে নিশ্চিত কৰিছে, “ভয় খোৱাৰ কোনো কাৰণ নাই যদিও মহাকাশলৈ মানুহৰ নগ্ন ছবি প্ৰেৰণে এলিয়েনসকলৰ চকু টানিব পাৰে। “

Comments (0)
Add Comment