ডবকাৰ দুই সন্তান সহ মাতৃ নিৰুদ্দেশ,বহিঃ ৰাজ্যত বিক্ৰীৰ সন্দেহ পৰিয়ালৰ


ডবকা পৌৰ সভাৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ কামাল উদ্দিনৰ পত্নী তথা দুটা কন্যা সন্তানৰ মাতৃ আৰিফা বেগম যোৱা ২৯ মাৰ্চ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে।
জানিব পৰা মতে ডবকা পৌৰ সভাৰ অন্তৰ্গত ১০নং ৱাৰ্ডৰ আইজুল হকৰ কন্যা আৰিফা বেগৰ বিবাহ হৈছিল উত্তৰ আশিনগৰ গাওঁৰ কামাল উদ্দিনৰ লগত। বিবাহৰ পিছৰে পৰা আৰিফাৰ মাতৃ গৃহত আৰিফা আৰু কামালে বৈবাহিক জীৱন আৰম্ভ কৰে। ইয়াৰ মাজতে দুয়োৰে জীৱনলৈ দুগৰাকী কৈ কন্যা সন্তান আহে। আৰিফাৰ স্বামী কৰ্ম সূত্রে বহিঃৰাজ্য কেৰেলালৈ গৈ ৬/৭ মাহ থাকিব লগীয়া হয়। আজিৰে পৰা ৬/৭ মাহ আগত স্বামী কামাল কেৰেলালৈ যোৱাৰ পিছত যোৱা ২৯ মাৰ্চ তাৰিখৰ পৰা আৰিফা ৭ বছৰীয়া আৰু ৫ বছৰীয়া সন্তান সহ নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে সন্দেহ কৰা মতে আৰিফাৰ পিতৃ গৃহত ভাড়াটীয়া হিচাপে থকা জিয়াবুৰ ৰহমান নামৰ যুৱক জনে আৰিফাক বিভিন্ন প্ৰলোভনেৰে ঘৰৰ পৰা নি ভয় ভাবুকি দি কৰবাত বন্দী কৰি ৰাখিছে অথবা নাৰী সৰবৰাহকাৰীৰ হাতত চমজাই দিছে। এই জিয়াবুৰ ৰহমান নামৰ যুৱকজন বিভিন্ন অপৰাধ জনিত ঘটনাৰ লগত জড়িত হৈ আছে। মাত্ৰ কেইদিন আগতে জেল হাজোতৰ পৰা মুকলি হৈ আহিছে। ইফালে আৰিফা সন্ধানহীন হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে স্বামী কামাল কেৰেলাৰ পৰা ঘৰলৈ আহি বিভিন্ন ঠাইত খবৰলৈ সন্ধান লাভ নকৰাত ডবকা আৰক্ষী থানাত এটা গোচৰ ৰুজো কৰে বতৰ্মান সময়লৈকে আৰক্ষীয়ে আৰিফাৰ কেনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। স্বামী কামালে পত্নী আৰু সন্তানৰ কেনো সন্ধান লাভ কৰিব নোৱাৰি অধিক চিন্তিত হৈ পৰিছে। বৰ্তমান সময়লৈ জিয়াবুৰে আত্ম গোপন কৰি থকাকলৈ বিষয়টো অধিক ৰহস্যৰ মাজত সোমাই পৰিছে। জিয়াবুৰৰ লগত স্থানীয় লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।
যদি কোনো সদাশয় লোকে জিয়াবুৰ বা আৰিফাক দেখা পায় তেন্তে নিকটতম আৰক্ষীক খবৰ দিবলৈ বা পৰিয়ালৰ লোকৰ লগত 063744 34780 নম্বৰত যোগাযোগ কৰিবলৈ আহব্বান জনোৱা হ’ল।

Comments (0)
Add Comment