দুমুনিচকী হলিমেৰী ইন্টাৰনেচনেল স্কুলত আলোচনা চক্ৰ
উপস্থিত বিধায়ক ড°পৰমানন্দ ৰাজবংশী
দুমুনিচকী হলিমেৰী ইন্টাৰনেচনেল স্কুলত বৃহস্পতিবাৰে এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।
“অসমীয়া ভাষা টনকিয়াল কৰাৰ ক্ষেত্ৰত ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ ভূমিকা আৰু প্ৰাসংগিকতা” শীৰ্ষক উক্ত আলোচনা চক্ৰত উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশী ৷
এই আলোচনা চক্ৰত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে ৷
দিনৰ ১০ বজাৰপৰা অনুষ্ঠিত এই আলোচনা চক্ৰত বিধায়ক ৰাজবংশীয়ে শিক্ষাৰ ক্ষেত্ৰত খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ অৱদান সন্দৰ্ভত আলোকপাত কৰে ৷
আলোচনা চক্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত সোনৰ পদক প্ৰাপ্ত শিক্ষক শশাংক হাজৰিকা,অৱসৰী অধ্যক্ষ ভাৰতী দাসে বক্তব্য প্ৰদান কৰে ৷ আলোচনা চক্ৰত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক তথা প্ৰশাসনিক সঞ্চালক ৰাহুল এ শইকীয়া, অধ্যক্ষ চিমৰানজিৎ সিং উপস্থিত থাকে ।