Daily Time Axom

ৰাংছালী জনতাৰ শঙ্কৰদেৱ শিশুনিকেতনৰ আৰম্ভ হ’ল ২০২২-২০২৩ শিক্ষা বৰ্ষৰ

0 5

যোৱা বছৰৰ দৰে এই বছৰো ভাগৱত পাঠেৰে শিক্ষা বৰ্ষৰ বিদ্যাৰম্ভ কৰা হ’ল শঙ্কৰদেৱ শিশুনিকেতনৰ । বৃহস্পতিবাৰে পুৱাৰ ভাগত সকলো শিক্ষক-শিক্ষয়িত্ৰী অভিভাৱক সমন্বিতে ছাত্র-ছাত্ৰী সকলকৰ উপস্থিতিত ভাগৱত পাঠ কৰা হয়। ছাত্ৰ জ্যোতিপল বৰাৰ এটি কবিতা পাঠেৰে শুভাৰম্ভ কৰে অনুষ্ঠান ভাগ ।

এই বিদ্যাৰম্ভ অনুষ্ঠানত এটি ঘোষাৰে আঁত ধৰে শ্ৰীমন্ত শঙ্কৰদেৱ শঙ্ঘৰ বিশ্বনাথ জিলাৰ প্ৰচাৰ সম্পাদক পৱন বৰায়ে। ভাগৱত পাঠ কৰে (পাঠেকী )শ্ৰীমন্ত শঙ্কৰদেৱ শঙ্ঘৰ বিশ্বনাথ জিলা সদস্য জয়ন্ত বৰাই “ভাগৱত ব্যাখ্যা আগবঢ়াই গহপুৰ জিলা প্ৰচাৰ বিভাগৰ দায়িত্বত থকা দিলীপ বৰুৱাই। এই অনুষ্ঠান ভাগত উপস্থিত থাকি সহযোগিতা আগবঢ়াই প্ৰধান আচাৰ্য কুইন বৰা” সহ আচাৰ্য নাৰায়ন ঢাহাল” ৰীণা বৰা ‘শেৱালী লাহন বৰা”ৰাধীকা ঘিমিৰে”ঝিনা গগৈ”শৈশৱ বৰুৱা জীৱন বৰা ৰিজু নাথ আদিয়ে। এই পৱিত্ৰ ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে – অভিভাৱক তথা ছাত্র ছাত্ৰী সকলে।





Leave A Reply

Your email address will not be published.