গৰুখুটিৰ বৃহৎ কৃষি প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু বিধায়কদ্বয় পদ্ম হাজৰিকা আৰু পৰমানন্দ ৰাজবংশীৰ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ নিৰ্দেশ মৰ্মে দৰং জিলাৰ গৰুখুটিৰ বৃহৎ কৃষি প্ৰকল্প পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়কদ্বয় পদ্ম হাজৰিকা আৰু পৰমানন্দ ৰাজবংশীয়ে ।

প্ৰকল্পটোক বানপানীৰ পৰা স্থায়ী সুৰক্ষা দিবলৈ দুটা পৰ্য্যায়ত নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা গৰুখুটিৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিৰ কাষেৰে কৃত্ৰিম সুঁতিৰ খনন আৰু মাথাউৰি নিৰ্মাণ পৰ্যবেক্ষণ কৰে। এই প্ৰকল্পই অসমীয়া যুৱ শক্তিক কামৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব।
পৰ্যবেক্ষণৰ সময়ত গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ তথা জ্যেষ্ঠ বিধায়ক পদ্ম হাজৰিকা , বিধায়ক পৰমানন্দ ৰাজবংশী আৰু অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস , আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা তথা মুখ্য অভিযন্তাকে প্ৰমুখ্য কৰি জলসম্পদ বিভাগৰ বিষয়া সকল উপস্থিত থাকে।