জামুগুৰিহাটত নদুৱাৰ মণ্ডল বিজেপিৰ গছ পুলি বিতৰণ


ভাৰতীয় জনতা পাৰ্টিৰ নদুৱাৰ মণ্ডলে জামুগুৰিহাটৰ বিভিন্ন গাঁৱৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা হিতাধিকাৰী সকলৰ মাজত একোটাকৈ গছপুলি বিতৰণ কৰাৰ উপৰিও চৰকাৰী আঁচনি সমূহৰ বিষয়ে অৱগত কৰে ।


নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাৰ নেতৃত্বত চলা এই গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত সংগ দিয়ে দক্ষিণ চিলাবন্ধা গাওঁ পঞ্চায়তৰ সভানেত্ৰী গংগা দেৱী, আৰু শোনিতপুৰ জিলা সামজিক মাধ্যমৰ সদস্য জ্ঞান নাথৰ লগতে নদুৱাৰ মণ্ডল বিজেপিৰ আগশাৰীৰ সদস্য ক্ৰমে মনজিৎ শইকীয়া,নিলোৎপল ভূঞা , ৰতন দাস আদিয়ে ।
ইয়াৰ উপৰিও সহযোগীতা আগবঢ়ায় গাওঁ সভাৰ সদস্যদ্ব ও কাৰ্যকৰ্তা সকলে।


জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

Comments (0)
Add Comment