উত্তৰ গুৱাহাটী লেঙাৰ শিপিনি ব্যস্ত গামোছা বোৱাত
উত্তৰ গুৱাহাটীৰ হস্ততাঁত শিপিনিৰ এতিয়া তত নাইকীয়া গাত । কিয়নো হেপাহৰ ৰঙালী বিহুৰ পুৰ্বে বৈ উলিয়াব লাগিব গামোছা । মেচনৰ কাপোৰৰ প্ৰৱল প্ৰত্যাহ্বান নেওচি এতিয়াও উত্তৰ গুৱাহাটী লেঙাৰ শিপিনি ব্যস্ত গামোছা বোৱাত । লেঙাৰ তাত শালে তাত শালে এতিয়া বিহুৰ সোপোন ৰচাত ব্যস্ত মহিলা । বহি ৰাজ্যৰ গামোছাৰ প্ৰৱল প্ৰত্যাহ্বান নেওচি গামোছা বিক্ৰীৰে ঘৰৰ খৰছ উলিয়াবলৈ আপ্ৰাণ চেষ্টা শিপিনিৰ । তাতে অকৌ মুখ্যমন্ত্ৰীৰ উৎসাহমুলক মন্তব্যই যেন মৃত সঞ্জীবনীৰ লেখীয়া কাম কৰিছে । গামোছা সাজু ,পিছে আশা কৰা ধৰণে পোৱা নাই গ্ৰাহকৰ সহাৰি । তৎসত্বেও বাপতি সাহোন প্ৰাণৰ বিহুক জীয়াই ৰখাৰ লেঙাবাসী শিপিনিৰ আপ্ৰাণ চেষ্টা ।