বিহালী সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিলে বটিয়ামাৰীৰ কন্যা অনু দেৱীয়ে

যোৱা ইংৰাজী ২৬ মাৰ্চৰ পৰা ২৯ মাৰ্চ লৈকে সৰ্বভাৰতীয় স্তৰত হিমাচল প্ৰদেশত অনুষ্ঠিত হোৱা National Sub Junior Kick Boxing প্ৰতিযোগিতাত অসমৰ পৰা ৪৪ গৰাকি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগীৰ ভিতৰত, বিশ্বনাথ জিলাৰ বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত বটিয়ামাৰী মণ্ডল সমল কেন্দ্রৰ অন্তৰ্গত “পৱিত্ৰা দেৱী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী অনু দেৱীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰূপৰ পদক পাবলৈ সক্ষম হয় ।

বিশ্বনাথ জিলালৈ যি সন্মান কঢ়িয়াই আনিলে তাৰ বাবে, বটিয়ামাৰী মণ্ডল সমল কেন্দ্রৰ অন্তৰ্গত শিক্ষক শিক্ষয়িত্ৰী সকল গৌৰাৱাম্বিত অনুভৱ কৰিছে অনু দেৱীক’লৈ । সেয়ে অনু দেৱী বটিয়ামাৰী মণ্ডল সমল কেন্দ্রৰ অন্তৰ্গত সমূহ শিক্ষক শিক্ষয়িত্ৰী সক্ৰিয় ভূমিকাত আনুষ্ঠানিক আজি অনু দেৱীক আনুষ্ঠানিক ভাৱে _জাপি, গামোছা, স্মাৰক আৰু মানপত্ৰৰে সন্মানিত কৰাৰ লগতে অনু দেৱীৰ পিতৃ ভূৱন ঘূৰচানে আৰু মাতৃ ডিম্বেশ্বৰী দেৱীকো ফুলাম গামোছাৰে সন্মান জনোৱা হয় ।

এই অনুষ্ঠানত বিহালী প্ৰাথমিক শিক্ষাখণ্ড শিক্ষা বিষয়া নৱৰত্ন কাকতি, বটিয়ামাৰী গাওঁ পঞ্চায়তৰ সভানেত্রী ফুলমনি দাস, বটিয়ামাৰী মণ্ডল সমল কেন্দ্রৰ অন্তৰ্গত বিদ্যালয় সমূহৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্র ছাত্রী আৰু অভিভাবক সকলক উপস্থিত থাকে ।

Comments (0)
Add Comment