Daily Time Axom

জামুগুৰিহাটৰ বগাবিল গাঁৱত নল পূঁজন আনুষ্ঠান নদুৱাৰ মণ্ডল বিজেপিৰ

0 7


ভাৰতীয় জনতা পাৰ্টিৰ ৪২ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি চতিয়া সমষ্টিৰ অন্তৰ্গত বিজেপিৰ নদুৱাৰ মণ্ডলৰ অধিনৰ উওৰ ছিলাবন্ধা গাঁপঞ্চায়ত এলেকাৰ বগাবিল গাঁৱত নল পূঁজন অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্যাণমূলক আচঁনি অনুসৰি প্ৰত্যেক ঘৰত নলেৰে পানী তথা ‘ হৰ ঘৰ জল’ আচনিৰ অধীনত সংযোগ লোৱা পানীৰ নলীত পূঁজা অৰ্চনা কৰাৰ লগতে হিতাধিকাৰীক মাটিৰ পাত্র বিতৰণ কৰা হয়৷ গৰমৰ দিনত চৰাই চিৰিকতিয়ে সেই পাত্ৰত যাতে পানী খাব পাৰে তাৰেই ব্যৱস্থা কৰা বুলি জনায় দলীয় কাৰ্য্যকৰ্তা সকলে।।


উক্ত অনুষ্ঠানত নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা, যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়া, সঞ্জয় শৰ্ম্মা প্ৰমুখ্যে সদস্য সকলৰ লগতে জামুগুৰিহাট পৌৰসভাৰ নৱনিৰ্বাছিত পৌৰপতি, উপ পৌৰপতি আৰু সদস্য, সদস্যা সকল আৰু সামাজিক মাধ্যমৰ সদস্য সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.