কামৰূপ জিলাৰ পশ্চিম পিঙ্গলেশ্বৰত শ্ৰীশ্ৰী বাসন্তী পূজা
বিশ্বৰ বুকুত বিৰাজ কৰা অপায় অমঙ্গল , অসূয়া-অশান্তি দূৰ কৰি শান্তিৰ অমৃত ধাৰা বোঁৱাই অনাৰ কামনাৰে কামৰূপ জিলাৰ বেজেৰা নিকটবৰ্তী পশ্চিম পিঙ্গলেশ্বৰত ৩৪ তম্ সাৰ্বজনীন শ্ৰীশ্ৰী বাসন্তী পূজা অনুষ্ঠিত হৈছে । ৭ পৰা এপ্ৰিলৰ আৰম্ভ হোৱা এই বাসন্তী পূজাৰ কাৰ্যসূচী সমূহ ১১ এপ্ৰিলত সমাপ্ত হব ৷
মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি বলোৰাম বৰুৱাই জনোৱা অনুসৰি ৮ এপ্ৰিল শুক্ৰবাৰে পুৱা পূজা উদযাপন সমিতিৰ মুখ্য সভাপতি লক্ষীনাথ গোস্বামীয়ে ধৰ্মধ্বজা উত্তোলনৰে কাৰ্যসূচী মুকলি কৰে । বেদী উন্মোচন কৰে আগডলা পঞ্চায়তৰ সভাপতি তিলক চন্দ্ৰ শৰ্মা আৰু কুলেন্দ্ৰ নাথ গোস্বামীয়ে। তাৰ পিছতে মুখ্য দ্বাৰ উন্মোচন কৰে সমাজকৰ্মী জগদীশ শৰ্মাই ৷
ইফালে ধৰ্মীয় শোভাযাত্ৰাত স্থানীয় মহিলা তথা যুৱক যুৱতী সকলে অংশ গ্ৰহণ কৰে ।
১১ এপ্ৰিল সোমবাৰে বিভিন্ন কাৰ্যসূচীৰ লগতে নিশাৰ ভাগত অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠান । সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাউদাং । আঞ্চলিক ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে ৷