১৪ বছৰৰ বাবে বিদেশত স্বামী, সম্পৰ্কীয় ভাইৰ সৈতে ‘বিবাহ’; কোটি টকাৰ সৈতে ‘উধাও’ গৃহিনী

মানুহজন বিলিয়ন ডলাৰৰ গৰাকী আছিল। এতিয়া যুৱকজনে প্ৰায় সকলো হেৰুৱাই ৰাস্তাত খোজ কাঢ়ি আছে। ১৪ বছৰ ধৰি বিদেশৰ পৰা উভতি অহাৰ পিছত তেওঁ দেখিলে যে তেওঁৰ পত্নীয়ে তেওঁৰ সকলো সম্পত্তি “কাঢ়ি লৈ” গৈছে। তেওঁ তেওঁৰ সম্পৰ্কৰ সৈতে ‘সম্পৰ্ক’ত ‘প্ৰতাৰণা’ কৰিছে।  

চাৰি বছৰৰ প্ৰেমৰ পিছত ৰজনী খাতুন নামৰ ছোৱালীজনীয়ে ২০০৪ চনত মাহফুজাৰ ৰহমানৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। স্বামী মাহফুজাৰ ২০০৮ চনত মালয়েছিয়ালৈ গুচি গৈছিল অধিক উপাৰ্জনৰ কৰিবৰ বাবে। তাৰ পিছত তেওঁ তেওঁৰ পত্নীলৈ টকা পঠিয়াইছিল। ৰাজনীয়ে সেই টকাৰে মাটিখিনি কিনিছিল। তেওঁ জামালপুৰ অঞ্চলত ৪২ লাখ টকাৰে এটা ঘৰ নিৰ্মাণ কৰিছিল।  মাহফুজাৰ ৰহমানৰ অভিযোগ, তেওঁ বিদেশৰ পৰা উভতি আহি দেখিছিল যে তেওঁৰ পত্নীয়ে প্ৰায় ১২ লাখ টকাৰ সোণৰ অলংকাৰৰুী লগতে প্ৰায় ১.৫ কোটি টকা লৈ পলাই গৈছিল। প্ৰতাৰক পত্নীয়ে তেওঁৰ সম্পৰ্কীয় ভাই ৰেজাউল কৰিমৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। 

যুৱকজনে লগতে অভিযোগ কৰিছিল যে বিদেশৰ পৰা উভতি অহাৰ পিছত তেওঁক ঘৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। কিয়নো, অভিযুক্ত মহিলাগৰাকীয়ে ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰি ঘৰটোকে ধৰি সকলো সম্পত্তি নিজৰ নামত কৰি লৈছিল । যুৱকজনে তেওঁ উপাৰ্জন কৰা সম্পত্তি, ধন আৰু গহনা ঘূৰাই পাবলৈ আইনৰ কাষ চাপিছে। ঘটনাটো বাংলাদেশৰ শাজাহানপুৰৰ জামালপুৰ নাইনমাইলৰ । 

Comments (0)
Add Comment