বহাগতে বিয়া হৈ গ’ল বলিউড তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ

‘বহাগতে পাতি যাও বিয়া ৷’ বহাগতে যুগ্ম জীৱনৰ পাতনি মেলিলে বলিউড তাৰকা ৰণবীৰ-আলিয়াই ৷ বিয়া হৈ গ’ল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ ৷ ছ’চিয়েল মিডিয়াত ভাইৰে’ল বিয়াৰ ফটো ৷

বুধবাৰে আড়ম্বৰপূৰ্ণভাৱে সীমিত অতিথিৰ উপস্থিতিত অনুষ্ঠিত হয় দুয়োৰে বিবাহ অনুষ্ঠানৰ মেহেন্দী আৰু সংগীত ৷ বৃহস্পতিবাৰে দৰা-কইনাৰ দুয়োৰে পৰিয়ালৰ সদস্যক লৈ অনুষ্ঠিত হ’ল দেহত হালধি সনা অনুষ্ঠান।

কেৱল পৰিয়াল আৰু নিকটাত্মীয়ৰ উপস্থিতিত নিজৰ বিয়াৰ আয়োজন কৰিছিল দুয়োজন তাৰকাই। মুম্বাইৰ পালি হিলস্থিত বাসগৃহ ‘বাস্তু’ত বেংকুৱেট হলত অনুষ্ঠিত হৈছিল বিয়াৰ অনুষ্ঠান বিবাহনুষ্ঠানৰ আামন্ত্ৰিত অতিথি আছিল মাত্ৰ ১০০ জন ৷ বৃহস্পতি বাৰে সুন্দৰভাৱে বিবাহ হৈ যায় যদিও বলিউডত সুকীয়া স্থান থকা কাপুৰ পৰিয়ালে জানো ইমান সীমিত অতিথিক আপ্যায়ন কৰিলেই চলিব ? সেয়ে ১৭ এপ্ৰিলত আয়োজন কৰা হৈছে ৰণবীৰ-আলিয়াৰ বিবাহৰ ৰিচেপচন ৷ ৰিচেপচনলৈ আমন্ত্ৰণ কৰা হৈছে প্ৰায় গোটেই বলিউডক ৷

Comments (0)
Add Comment