Daily Time Axom

চাৰিজন ৰাষ্ট্ৰপতিয়ে ৰে’লযোগে গৈ কিয়েভত লগ ধৰিলে জেলেনস্কিক ৷ ইউক্ৰেইনৰ ৰাছিয়াৰ ওপৰত প্ৰত্যাক্ৰমণ বৃদ্ধি ৷

0 11

পোলেণ্ড, লিথুৱানিয়া, লাটভিয়া আৰু এষ্টোনিয়াৰ ৰাষ্ট্ৰপতিসকলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰিবলৈ ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ ভ্ৰমণ কৰে শেহতীয়াভাৱে ।

পোলেণ্ডৰ ৰাষ্ট্ৰপতি আন্দ্ৰে ডুডাৰ এজন উপদেষ্টা জুকুৱেব কুওমোচে টুইটাৰত কয়: “আমাৰ দেশসমূহে ইউক্ৰেইন আৰু ৰাষ্ট্ৰপতি জেলেনস্কিৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰিছে। ‘

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে শনিবাৰে কিয়েভ আৰু যুদ্ধবিধ্বস্ত বুচা চহৰ ভ্ৰমণ কৰাৰ কেইদিনমান পিছতেোচাৰিখন পূৱ ইউৰোপীয় দেশৰ নেতাসকলৰ এই ভ্ৰমণেহবিশেষ তাৎপৰ্য বহন কৰিছে ৷ ইফালে এনে ভ্ৰমণৰ মাজতে ৰাছিয়াৰ ওপৰত সমান্তৰালভাৱে প্ৰত্যাক্ৰমণ বৃদ্ধি কৰিছে ইউক্ৰেইনে ৷

কিয়েভৰ সমীপৰ নেপচুন মিছাইল বনোৱা বৃহৎ অস্ত্ৰ কাৰাখানা সম্পূৰ্ণ ধ্বংস কৰে ৰাছিয়াই

ৰাচিয়াৰ এখন বৃহৎ যুদ্ধ জাহাজ ধ্বংস কৰে ইউক্ৰেইনে ৷ আনহাতে, ইয়াৰ প্ৰত্যুত্তৰত ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ সমীপৰ এটা বৃহৎ অস্ত্ৰ কাৰাখানা সম্পূৰ্ণ ধ্বংস কৰে ৷ এই কাৰাখানাটোত ইউক্ৰেইনে শক্তশালী নেপচুন মিছাইল প্ৰস্তুত কৰিছিল ৷

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে শনিবাৰে ইউক্ৰেইনৰ আকস্মিক ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে সাক্ষাৎ কৰিছিল। তেওঁৰ কাৰ্যালয়, ১০ ডাউনিং ষ্ট্ৰীটে কৈছিল যে এই ভ্ৰমণৰ উদ্দেশ্য আছিল ইউক্ৰেইনৰ জনসাধাৰণৰ সৈতে “সংহতি প্ৰদৰ্শন”।

Leave A Reply

Your email address will not be published.