কংগ্ৰেছ দল ত্যাগ জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ ৷ অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতাক প্ৰতাৰক আখ্যাৰে কলকাতাত তৃণমূল কংগ্ৰেছত যোগদান ৷

আকৌ অসম প্ৰদেশ কংগ্ৰেছত এক মুখ্যম আঘাত। এক কথাত লোকসভা নিৰ্বাচনৰ আগে আগে অসমত তৃণমূল কংগ্ৰেছৰ খোপনি পোতাৰ আন এক প্ৰচেষ্টা ৷ দেওবাৰে APCC ৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ ৰিপুন বৰাই ত্যাগ কৰিলে কংগ্ৰেছ দল ৷

ছোনীয়া গান্ধীলৈ প্ৰেৰণ কৰা ৰিপুন বৰাৰ পদত্যাগ পত্ৰখন ৷

পদত্যাগী ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰিলে ৷ পদত্যাগৰ পিছতে কলকাতাত দেওবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই যোগদান কৰিলে তৃণমূল কংগ্ৰেছত । লগত দেখা গ’ল কিছুদিন পূৰ্বে তৃণমূলত যোগদান কৰা বৰাকৰ নেত্ৰী সুষ্মিতা সেনক ৷ সন্ধিয়ালৈ তৃণমূলত যোগদানৰ কথা ৰাজহুৱা কৰি ফেচবুকত তৃণমূলৰ প্ৰতীকৰ সৈতে ফটো আপলোড কৰে ৰিপুন বৰাই ৷

তৃণমূলৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৰাকৰ তৃণমূল নেত্ৰী সুষ্মিতা দেব আৰু ৰিপুন বৰা কলকাতাত

ৰাজ্যসভা নিৰ্বাচনত নিজ দলতে হোৱা প্ৰতাৰণাৰ বাবে এই সিদ্ধান্ত সিধান্ত লোৱাৰ কথা জনাই ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰিপুন বৰাই ৷ আনকি অসমৰ মুখ্যমন্ত্ৰীৰে অসম কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই বুজাবুজিৰে চলি আছে বুলিও ছোনিয়া গান্ধীলৈ দিয়া পদত্যাগ পত্ৰত অভিযোগ কৰিলে ৰিপুন বৰাই ৷ পত্ৰখনত ৰিপুন বৰাই ছোনিয়া গান্ধীক স্পষ্টকৈ জনাইছে যে, “অতি দুখেৰে আপোনাক জনাব খোজোঁ যে, বিজেপিৰ বিৰুদ্ধে যুঁজৰ পৰিৱৰ্তে অসম প্ৰদেশ কংগ্ৰেছৰ অতি জ্যেষ্ঠ একাংশ নেতাই বিজেপি চৰকাৰখন, বিশেষকৈ মুখ্যমন্ত্ৰীৰ সৈতে গোপন বুজাবুজি চলি আহিছে । ই এক মুকলি সত্য ।”

তৃণমূলত যোগদানৰ পাছত দলটোৰ নেতা অভিষেক বেনাৰ্জীৰ সৈতে সপত্নীক ৰিপুন বৰা

তৃণমূলত যোগদান কৰি সামাজিক মাধ্যমত ৰিপুন বৰাই লিখিছে- “সুদীৰ্ঘ ৪০ টা বছৰ কংগ্ৰেছ দলৰ আদৰ্শৰে পৰিচালিত হৈ আজিৰ পৰা এক নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ | কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি মই শ্ৰদ্ধাশীল হৈ থকাৰ লগতে দলৰ প্ৰতিটো পৰ্যায়ৰ সতীৰ্থ সকলক সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ |”

আজিৰেপৰা কালিৰ কংগ্ৰেছী নেতা ৰিপুন বৰাৰ নতুন পৰিচয় তৃণমূল কংগ্ৰেছৰ অসমৰ জ্যেষ্ঠ নেতা ৷

Comments (0)
Add Comment