নিজা মহাকাশ কেন্দ্ৰৰ পৰা ১৮৩ দিনৰ পিছত উভতি আহিল ৩ চীনা মহাকাশচাৰী

মহাকাশত ছয় মাহতকৈও অধিক সময় অতিবাহিত কৰাৰ পিছত পৃথিৱীলৈ উভতি আহিছে তিনিজন চীনা মহাকাশচাৰী ৷

তেওঁলোকে শনিবাৰে উত্তৰ চীনত অৱতৰণ কৰিছিল। এয়া আছিলো মহাকাশলৈ চীন দেশৰ আটাইতকৈ দীঘলীয়া যাত্ৰা ।

তিয়ানগং ক’ৰ মডিউলত চীনৰ নভোচৰসকল

মহাকাশত চীনৰ মহাকাশ কেন্দ্ৰৰ তিয়ানগং ক’ৰ মডিউলত ১৮৩ দিন অতিবাহিত কৰা তিনিজন মহাকাশচাৰীৰ মাজৰ দুজন আছিল দুজন পুৰুষ আৰু এগৰাকী মহিলা। তেওঁলোক হৈছে ঝাই ঝিগাং, য়ি গুয়াং ফু আৰু ৱাং য়াপিং।

মহাকাশচাৰীসকলে চীনৰ তিয়ানগং মহাকাশ কেন্দ্ৰ এৰি শনিবাৰে স্থানীয় সময় অনুসৰি প্ৰায় পুৱা ১০ বজাত চীনৰ মাটিত উপস্থিত হৈছিল।

যোৱা বছৰৰ অক্টোবৰত, তিনিওজন মহাকাশচাৰীয়ে উত্তৰ-পশ্চিম চীনৰ গোবি মৰুভূমিৰ এটা উৎক্ষেপণ কেন্দ্ৰৰ পৰা মহাকাশলৈ যাত্ৰা কৰিছিল।

চীনে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (আইএছএছ) অংশগ্ৰহণ কৰাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বাধাৰ সন্মুখীন হৈছিল। সকলো বাধা নেওচি ১০ বছৰৰ বাবে মহাকাশ কেন্দ্ৰ তিয়ানগং নিৰ্মাণ কৰিছিল চীনে ।

মংগোলীয়া সীমান্তৰ উত্তৰ চীনত চীনা মহাকাশচাৰী সকলৰ অৱতৰণ

Comments (0)
Add Comment