গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ কোনো সুৰুঙা এৰিব খোজা নাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ বিৰোধীৰ নিস্তেজ প্ৰচাৰ আৰু ভূমিকা স্বতেও পৌৰ নিগমৰ নিৰ্বাচনত নিজেই প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী ৷
প্ৰাৰ্থী দিছে যদিও কংগ্ৰেছ ব্যস্ত নিজৰ মাজতে খোৱা কামোৰাত ৷ মহানগৰীত ভেঁটি দিনক দিনে নিশকতীয়া হৈ গৈ আছে দেশৰ আটাইতকৈ পুৰণি দলটোৰ ৷ AIUDFৰ সংগঠন মহানগৰীত নাই বুলিলেও ভুল নহ’ব । আপ আৰু অসম জাতীয় পৰিষদে প্ৰাৰ্থী দিছে যদিও দুয়ো দলৰে সংগঠন দুৰ্বল ৷ প্ৰাৰ্থীয়েই নিদিলে ৰাইজৰ দলে ৷

তাৰ মাজতে সোমবাৰে কলনী বজাৰস্থিত বিবেকানন্দ কালীমন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্ৰীয়ে । ২৬ নম্বৰ ৱাৰ্ডৰ ৰাণা চেতিয়া, ২৭ নম্বৰ ৱাৰ্ডৰ ৰিণ্টুমণি বৰ্মন, ৩০ নম্বৰ ৱাৰ্ডৰ বিনীতা দত্ত চৌধুৰী আৰু ৩১ নম্বৰ ৱাৰ্ডৰ ৰত্না সিঙৰ বাবে প্ৰচাৰ চলায় ড° শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যত কয় যে- “গুৱাহাটী মহানগৰবাসীৰ সুবিধার্থে আমাৰ চৰকাৰে আন্ত:গাঁথনি উন্নীতকৰণ, খোৱাপানীৰ ব্যৱস্থা সুচলকৰণ, উন্নত স্বাস্থ্য সেৱা, যাতায়াত ব্যৱস্থাৰ বিকাশকে ধৰি কেতবোৰ গুৰুত্বপূর্ণ দিশত অবিৰতভাৱে কাম কৰি আছে আৰু এইক্ষেত্রত আমি সম্পূর্ণৰূপে দায়বদ্ধ।”
প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীক সংগ দিযে মন্ত্ৰী ডা: ৰণোজ পেগু, সাংসদ শ্রীকামাখ্যা প্রসাদ তাছা, মাননীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আদিয়ে ।