নাছাই অলপতে ইয়াৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা মঙ্গল গ্ৰহৰ এক অভূতপূৰ্ব ছবি মুকলি কৰিছে। হাই-ৰিজলিউশ্বন ইমেজিং চাইন্স এক্সপেৰিমেণ্ট (এইচ.আই.ৰাইজ)ৰ দ্বাৰা লোৱা ছবিখনে মঙ্গল গ্ৰহত কিছুমান ডাঙৰ চিহ্ন দেখুৱাইছে।
ফটোখন ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলৰ মাজত এক হুলস্থূল সৃষ্টি হৈছিল। কেৱল সেয়াই নহয়, বহুতো জ্যোতিৰ্বিজ্ঞানীয়েও ছবিখনৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু তেওঁলোকৰ মতামত দিছিল।
এজন নেটিজেনে ফটোখনত মন্তব্য কৰিছিল, “এনে লাগিছে যেন এইটো মঙ্গল গ্ৰহত বহিৰ্জাগতিক লোকৰ পদচিহ্ন। আনহাতে, কোনোবাই লিখিছে যে “ঈশ্বৰৰ সকলো সৃষ্টি সৌন্দৰ্যৰে পৰিপূৰ্ণ, যাৰ ভিতৰত বিশ্বব্ৰহ্মাণ্ডও ইয়াৰ ব্যতিক্ৰম নহয়।” কোৱাৰ প্ৰয়োজন নাই যে বেছিভাগ মানুহেই ছবিখন দেখি হতবাক হৈছিল। কেৱল ছবিখনৰ সৌন্দৰ্যই নহয়, ছবিখনত এক আশ্চৰ্যকৰ ৰহস্যও আছে। এই চিহ্নক লৈ NASAই নিজৰ গৱেষণা অব্যাহত ৰাখিছে ৷