পৃথিৱীৰ ৬ খন বিশেষ ঠাই য’ত বিমান উৰণ নিষিদ্ধ

পৃথিৱীত এনে কিছুমান বিশেষ ঠাই আছে য’ত বিমান চলাচল কৰিব নোৱাৰে। অৰ্থাৎ সেই ঠাইবোৰৰ ওপৰত বিমানৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ। কিছুমান নো-ফ্লাই জ’ন আছে-

ডিজনী পাৰ্ক:-
এই উদ্যানখন ছবিৰ দৰেই অতি মনোৰম । সকলোৱে জীৱনত কমেও এবাৰ ডিজনী পাৰ্ক ভ্ৰমণ কৰাৰ সপোন দেখে। কিন্তু কোনো বিমানে কেতিয়াও ডিজনী পাৰ্কৰ ওপৰেৰে উৰিব নোৱাৰে। এইকাৰণে ওপৰৰ পৰা কোনেও ডিজনী পাৰ্কৰ সৌন্দৰ্য চাব নোৱাৰে।

একাধিক প্ৰতিবেদন অনুসৰি, ডিজনী পাৰ্ককে ধৰি কেইবাটাও পৰ্যটন স্থলীলৈ অহা দৰ্শনাৰ্থীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৯/১১ভয়ংকৰ ঘটনাৰ পৰা বিমান চলাচল নিষিদ্ধ কৰা হৈছে।

কেলিফ’ৰ্ণিয়াৰ ডিজনিলেণ্ড বা ফ্লৰিডাৰ ৱাল্ট ডিজনী ৱৰ্ল্ডৰ ৩,০০০ ফুটৰ ভিতৰত কোনো বিমান উৰাৰ অনুমতি দিয়া নহয়। যদিও এইটো প্ৰথমতে এটা অস্থায়ী নিষেধাজ্ঞা আছিল। অৱশ্যে, ২০০৩ চনত এই নিয়ম স্থায়ীভাৱে প্ৰৱৰ্তন কৰা হৈছিল।

তিব্বত:-
তিব্বত পৃথিৱীৰ আটাইতকৈ ওখ ঠাইসমূহৰ ভিতৰত এটা। তাত গড় উচ্চতা প্ৰায় ১৬০০০ ফুট। তিব্বতক এক নো-ফ্লাই জ’ন বুলিও গণ্য কৰা হয়। ইয়াৰ কাৰণ হৈছে ওখ পৰ্বত ।

যদিও বেছিভাগ বাণিজ্যিক বিমানেই পাহাৰৰ ওপৰেৰে উৰা মাৰে, যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে তাত বিমানৰ পথবোৰ নিৰ্ধাৰণ কৰোতে অঞ্চলটোৰ ওখ পৰ্বতবোৰ পৰিহাৰ কৰা হয়।

মাচু পিচু:
এই ঠাইখনৰ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্বৰ বিষয়ে সকলোৰে কম বেছি পৰিমাণে ধাৰণা আছে। পৃথিৱীৰ এখন প্ৰাচীন সভ্যতাৰ ঐতিহ্য হ’ল মাচু পিচু পৰ্বত ৷ একে সময়তে বিৰল বন্যপ্ৰাণী আৰু উদ্ভিদ আছে ইযাত।
বিভিন্ন প্ৰতিবেদন অনুসৰি, মাচু পিচুৰ ওপৰেৰে বিমান উৰোৱা নিষিদ্ধ। ইয়াৰ কাৰণ হ’ল ঠাইখন প্ৰদূষণমুক্ত কৰি ৰখা।

মক্কা:-
মক্কা হ’ল বিশ্বৰ মুছলমানসকলৰ বাবে এক পৱিত্ৰ স্থান। বিশ্বৰ লাখ লাখ ভক্ত মুছলমান প্ৰতিদিনে হজ কৰিবলৈ মক্কালৈ যায়।

আপুনি জানেনে যে বিমান মক্কাৰ ওপৰেৰে উৰিবলৈ অনুমতি দিয়া নহয়। যদি এজন পাইলট ভুলবশতঃ মক্কাৰ ওপৰেৰে যায়, তেন্তে তেওঁ জৰিমনা পৰিশোধ কৰিব লাগিব।

তাজমহল:-
ভাৰতৰ আগ্ৰাৰ তাজমহল হৈছে ভ্ৰমণৰ বাবে বিশ্বব্যাপী জনপ্ৰিয় স্থান। এইটো নিঃসন্দেহে পৃথিৱীৰ আটাইতকৈ প্ৰতিষ্ঠিত আৰু সুন্দৰ স্থাপত্য সমূহৰ এটা। তাজমহল ১৬৩২-১৬৫৩ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। ইউনেস্কোৱে তাজমহলৰ গুৰুত্ব স্বীকাৰ কৰিছিল আৰু ১৯৮৩ চনত ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মনোনীত কৰিছিল।

আপুনি জানেনে যে এখন বিমানে এই ঐতিহাসিক স্মৃতিসৌধৰ ওপৰেৰে উৰিব নোৱাৰে? ভাৰত চৰকাৰে ভৱনটো সুৰক্ষিত কৰিবলৈ ২০০৬ চনত অঞ্চলটোত এক নো-ফ্লাই জ’ন ঘোষণা কৰিছিল।

বাকিংহাম পেলেচ:-
এইটো ব্ৰিটেইনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থানসমূহৰ এটা। তাত ৰাজ পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ, বাকিংহাম পেলেচৰ ওপৰেৰে উৰণ নিষিদ্ধ।

ৰাজপৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ইয়াক উইণ্ডছৰ কেচেলৰ ওপৰেৰে উৰা মাৰিবলৈও অনুমতি দিয়া নহয় ৷

Comments (0)
Add Comment