চেইফ আলী খান বলীউড জগতৰ অন্যতম তাৰকা নাম। তেওঁৰ আছে লাখ লাখ ভাৰতীয়ৰ অনুৰাগী । চৈইফ আলী খানৰ ভাৰতৰ বাহিৰেও বিদেশৰ মাটিত যথেষ্ট জনপ্ৰিয়তা আছে। জনপ্ৰিয়তাৰ লগতে, এইজন ৰাজপৰিয়ালৰ তাৰকাৰ বাবে ধনৰ কোনো অভাৱ নাই। সেইকাৰণে তেওঁ এটা অতি বিলাসী জীৱন যাপন কৰে। ছেইফ আলী খান দুবাৰ বিবাহ পাশত আৱদ্ধ হৈছে আৰু তেওঁৰ চাৰিটা সন্তান আছে।
প্ৰায় সকলোৱে জানে যে চেইফ আলী খান প্ৰথমে অমৃতা সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। অমৃতা চৈফৰ দুটা সন্তান আছে। তেওঁলোক হৈছে চাৰা আলী খান আৰু ইব্ৰাহিম আলী খান। অমৃতা সিঙৰ পৰা বিবাহ বিচ্ছেদ হোৱাৰ পিছত, চেইফ আলী খানে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰক বিয়া কৰায়। চেইফ আৰু কৰীণাৰ বৰ্তমান দুটা সন্তান আছে। তেওঁলোক হৈছে তাইমুৰ আৰু জাহাংগীৰ। জাহাংগীৰৰ জন্ম কেইদিনমান আগতে হৈছিল। কিন্তু আপুনি জানেনে যে কৰীণা কাপুৰৰ পৰিয়ালৰ সদস্যসকলে চেইফক ঘৰৰ জোঁৱাই হোৱাটো নিবিচাৰিছিল । আজিকালি ছ’চিয়েল মিডিয়াত এই বিষয়টোক লৈ যথেষ্ট আলোচনা হৈছে।
দৰাচলতে, কৰীণা কাপুৰক বিয়া কৰাৰ আগতে চেইফ আলী খানৰ অমৃতা সিঙৰ দুটা সন্তান থকাৰ বাবে বেবোৰ পৰিয়ালে তেওঁলোকৰ ছোৱালীক কাৰোবাৰ দ্বিতীয় পত্নী হোৱাটো বিচৰা নাছিল। লগতে শেহতীয়াকৈ খবৰ পোৱা গৈছে যে কৰীণা কাপুৰে নিজেই এতিয়া এই বিষয়টোৰ বাবে বহুত অনুশোচনাত ভুগিছে । তেওঁ চেইফ আলী খানৰ ওপৰতো অসন্তুষ্ট। কৰীণা কাপুৰে এতিয়া তাইৰ বিয়াৰ বাবে অনুশোচনা কৰি আছে। কিন্তু কিয়?
দৰাচলতে, কৰীণা কাপুৰে চেইফ আলী খানক বিয়া কৰোৱাৰ কেইবছৰমানৰ ভিতৰতে দুটা সন্তান জন্ম দিছে। তাইৰ দুটা সন্তানৰ জন্মৰ পিছত কৰীণা এতিয়া আগৰ দৰে সুস্থ নহয়। কৰীণা কাপুৰে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আগৰ দৰে ফিট হ’বলৈ বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ উপৰিও, কৰীণা কাপুৰে বৰ্তমান কোনো চলচ্চিত্ৰত কোনো কাম পোৱা নাই। সেয়ে চৰ্চা হৈছে যে বেবোৱে তাইৰ চলচ্চিত্ৰ কেৰিয়াৰৰ সমাপ্তি ঘটা পৰিস্থিতিৰ বাবে চেইফক বিয়া কৰোৱাটোকে ভুল বুলি অনুশোচনাত ভুগিছে ৷