ইউক্ৰেইনৰ হৈ যুদ্ধত নমা দুজন ব্ৰিটিছ সেনা বন্দী হ’ল ৰাছিয়ান সেনাৰ হাতত

ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ হৈ যুদ্ধত নমা দুজন ব্ৰিটিছ সেনাক বন্দী কৰিছে। মস্কোৰ মতে, চিন পিনাৰ আৰু এডেন এছলিন নামৰ দুজন ব্ৰিটিছ সেনাই ইউক্ৰেইনৰ সেনাৰ হৈ যুঁজ দিবলৈ দেশখনলৈ গৈছিল।

ৰাছিয়াৰ চৰকাৰী টিভিত মাৰিয়পোল চহৰত বন্দী হোৱা দুজন ব্ৰিটিছ সেনাৰ ফটো প্ৰকাশ কৰিছে। অভিযোগ কৰা হৈছে যে, ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা নকৰাকৈ গোপনে ইউক্ৰেইনক সামৰিক সাহায্য প্ৰদান কৰি আছে।

অৱশ্যে, ৰাছিয়াৰ সেনাৰ বন্দী সেনা দুজনৰ এজনে কৈছে যে, তেওঁ ২০১৮ চনত ইউক্ৰেইনৰ সেনাৰ মেৰাইন বাহিনীত যোগদান কৰিছিল। মূলতঃ ইউকেৰ নটিংহেমশ্বায়াৰত বাস কৰা যুঁজাৰুজনে দাবী কৰিছে তেওঁ কেইদিনমান আগতে ইউক্ৰেইনৰ নাগৰিকত্বৰ বাবে ভলোডিমিৰ জেলেনস্কিৰ চৰকাৰৰ ওচৰত আবেদন কৰিছিল।

আন এজন বন্দী যুঁজাৰু পিনাৰে কৈছিল যে তেওঁ যোৱা পাঁচ সপ্তাহ ধৰি মাৰিয়পোলত ইউক্ৰেইনৰ নৌসেনাৰ হৈ ৰাছিয়াৰ বাহিনীৰ সৈতে যুঁজ দি আহিছে। ভ্লাদিমিৰ পুটিনৰ চৰকাৰে দুজন ব্ৰিটিছ যুঁজাৰুৰ মুক্তিৰ বিনিময়ত ইউক্ৰেইনৰ ৰাছিয়াপন্থী উদ্যোগপতি ভিক্টৰ মেডভেডিকচুকৰ মুক্তিৰ চৰ্ত নিৰ্ধাৰণ কৰিছে। ভিক্টৰক অলপতে ইউক্ৰেইন চৰকাৰে ৰাছিয়াৰ হৈ কাম কৰাৰ অভিযোগত আটক কৰিছিল।

Comments (0)
Add Comment