পশ্চিমীয়া দেশৰ নিষেধাজ্ঞা, ৰঙা চকু ৷ তাৰ মাজতে ৰাছিয়াৰ তেল, অস্ত্ৰ আৰু বাণিজ্যৰ ওপৰত গুৰুত্ব দিল্লীৰ ৷
মস্কোৰ ওপৰত পশ্চিমীয়া বিশ্বই আৰোপ কৰা বিত্তীয় নিষেধাজ্ঞাৰ ফলত ভাৰতৰ সৈতে ৰাছিয়াৰ বাণিজ্য প্ৰভাৱিত হৈছে ৷ নতুন দিল্লীয়ে চেষ্টা চলাই আহিছে সেই দেশৰ সৈতে দীৰ্ঘদিনীয়া বাণিজ্য আৰু প্ৰতিৰক্ষা সম্পৰ্কক কেনেদৰে আগুৱাই নিব পাৰি। সোমবাৰে ইণ্ডিয়া চেম্বাৰ অফ কমাৰ্চৰ এক অনুষ্ঠানত বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই এক ভিডিঅ’ ভাষণত এই কথা কয়। তেওঁৰ মতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত বিশ্ব বজাৰত তেলৰ মূল্য বৃদ্ধি পাইছে। ভাৰতেও তাৰ ফল ভুগি আছে।
ব্যৱসায়ীসকলৰ বৈঠকত বৈদেশিক সচিবৰ ভাষণৰ বিষয় আছিল মহামাৰীৰ পিছত হোৱা বিত্তীয় লোকচানৰ জোৰা মৰা । কিন্তু তেওঁৰ ভাষণ, প্ৰশ্ন আৰু উত্তৰত শ্ৰীংলাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, তেলৰ মূল্যৰ লগতে ভাৰত-বাংলাদেশ সম্পৰ্ক, শ্ৰীলংকাৰ পৰিস্থিতি, বিশ্বৰ শক্তি ভাণ্ডাৰ, মোডীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ নীতি, চুবুৰীয়া দেশৰ সৈতে সম্পৰ্কৰ বিভিন্ন দিশ, শ্ৰীংলাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ দাবীও স্পষ্টভাৱে উত্থাপন কৰে।
ৰাছিয়া আৰু ইউক্ৰেইন সন্দৰ্ভত তেওঁ কয়, “এই সংকট আমাৰ বাবে সৃষ্টি নহয়, কিন্তু আমি ভুগি আছো। ৰাছিয়াৰ ওপৰত পশ্চিমীয়া বিত্তীয় নিষেধাজ্ঞাৰ ফলত এই সংকটৰ সৃষ্টি হৈছিল। আমাৰ সৈতে ৰাছিয়াৰ বাণিজ্য প্ৰভাৱিত হৈছে। কিন্তু বাণিজ্য আৰু প্ৰতিৰক্ষা সঁজুলিৰ ক্ষেত্ৰত সেই দেশৰ সৈতে আমাৰ সম্পৰ্কৰ এক দীঘলীয়া ইতিহাস আছে। এতিয়া এইটো প্ৰচেষ্ট চলি আছে যে নিষেধাজ্ঞা স্বত্বেও এই সম্পৰ্কটো কেনেকৈ আগুৱাই নিব পাৰি। “
বৈদেশিক সচিবৰ মতে, ভাৰতে ইয়াৰ শক্তিৰ প্ৰয়োজনীয়তাৰ মাত্ৰ ২ শতাংশ ৰাছিয়াৰ পৰা আমদানি কৰে। অৱশ্যে, প্ৰয়োজন হ’লে, আমদানি বৃদ্ধি কৰা, বিত্তীয় পৰিস্থিতি ধৰা আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ অনা সম্ভৱ। শেহতীয়াকৈ, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে ভাৰত ভ্ৰমণ কৰে আৰু কয় যে, তেওঁলোকে কম মূল্যত ভাৰতক খাৰুৱা তেল বিক্ৰী কৰিবলৈ সাজু। কূটনৈতিক সূত্ৰৰ মতে, যুদ্ধ বজাৰত দেশৰ শক্তি খণ্ডৰ নিৰাপত্তা বজাই ৰখাৰ এই সুযোগ গ্ৰহণ নকৰা উচিত নহয়।
ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সন্দৰ্ভত বৈদেশিক সচিবে কয়, “ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইয়াৰ কৰ্তব্যত ব্যৰ্থ হৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৰিষদখন সৃষ্টি কৰা হৈছিল আৰু যুদ্ধৰ ভুক্তভোগীসকল ইয়াৰ স্থায়ী সদস্য আছিল। কিন্তু তেতিয়াৰ পৰা ৭৫ বছৰ হ’ল। সংস্কাৰ অবিহনে, পৰিষদৰ কোনো সিদ্ধান্তৰ কোনো অৰ্থ নাই। শেহতীয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত শ্ৰীংলাই নিৰাপত্তা পৰিষদৰ ভূমিকাক সমালোচনা কৰে। তেওঁৰ মতে, পৰিষদে শান্তি পুনৰুদ্ধাৰত ভূমিকা পালন কৰিব নোৱাৰাৰ বাবে গোটেই বিষয়টো বিচলিত হৈছিল।
বৈদেশিক সচিবে মহামাৰীৰ ফলস্বৰূপে অৰ্থনীতিক উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ চুবুৰীয়াৰ অগ্ৰাধিকাৰ নীতিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মোডী চৰকাৰে সীমান্তপাৰ বাণিজ্য আন্তঃগাঁথনি সৃষ্টি, চুবুৰীয়া দেশসমূহৰ সৈতে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত তেওঁ লগতে বিতঙভাৱে উল্লেখ কৰে যে অনাগত দিনত বাংলাদেশ আৰু নেপাল গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। শ্ৰীংলাৰ মতে, “বাংলাদেশ এতিয়া ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষ ১০ খন দেশৰ ভিতৰত আছে। তেওঁলোক এতিয়া পঞ্চম স্থানত আছে।”
