বৰ্হিবিশ্বৰ প্ৰাণীক আমন্ত্ৰণ কৰি এয়া কি কৰিব খুজিছে NASAই ? বেলেগ গ্ৰহৰ প্ৰাণীয়ে পৃথিৱী আক্ৰমণ কৰাৰ আশংকা বিজ্ঞানীৰ ৷

বৰ্হিবিশ্বৰ প্ৰাণীক পৃথিৱীলৈ আমন্ত্ৰণ কৰি সাংকেতিক তৰংগ প্ৰেৰণ কৰিব নাছা(NASA)ই ৷ কিন্তু নাছাৰ এই পদক্ষেপে পৃথিৱীলৈ ভয়ংকৰ বিপদ মাতি আনিব পাৰে ৷ এই শংকা প্ৰকাশ কৰিছে একাংশ বিজ্ঞানীয়ে ৷ বেলেগ গ্ৰহৰ জীৱই আক্ৰমণ কৰিব পাৰে পৃথিৱীক ৷ কাৰণ পৃথিৱীৰ পৰা নাছাই প্ৰেৰণ কৰা সাংকেতিক তৰংগত পৃথিৱীৰ ঠিকনাৰ লগতে আমাৰ গ্ৰহটোত বসবাস কৰা মানুহৰ লগতে আন বহু তথ্য সন্নিবিষ্ট হৈ আছে ৷

বেলেগ গ্ৰহৰ প্ৰাণীৰ সন্ধানত বৰ্হিবিশ্বলৈ আমন্ত্ৰণ কৰি বাৰ্তা প্ৰেৰণ কৰাৰসিধাই্ত লৈছে নাছাই ৷ অতি সোনকালেই মহাকাশ নিৰ্দিষ্ট পথ আৰু অংশ বিশেষত এই বাৰ্তা পাবগৈ ৷
সৌৰজগতৰ বাহিৰৰ ছাঁয়া পথৰ ক’ৰবাত যে আৰু বেলেগ নক্ষত্ৰ মণ্ডল আছে , তাত যে আন বেলেগ আন কোনো নক্ষত্ৰৰ অধীনৰ কোনো গ্ৰহত যে মানুহৰ সমান বা মানুহতকৈয়ো বুদ্ধিমান প্ৰাণী থকাৰ পূৰ্ণ মাত্ৰাই সম্ভাৱনা আছে সেই কথা দীৰ্ঘদিন ধৰি কৈ আহিছে নাছাৰ বিজ্ঞানী সকলে ৷ এই সন্দেহ নিৰসনৰ বাবে নাছাই পৃথিৱীৰপৰা বৰ্হিবিশ্বলৈ কেতবোৰ সাংকেতিক চিহ্ন প্ৰেৰণ কৰাৰ সিধান্ত গ্ৰহণ কৰিছে ৷ এই সংকেতত থাকিব পৃথিৱীৰ সবিশেষ আৰু মানৱ জগতৰ তথ্য ৷ এই সংকেতত থাকিব পুৰুষ মহিলা উভয়েৰে উলংগ ছবি ৷ লগতে থাকিব পৃথিৱীৰ লগতে সৌৰ জগতৰ বিস্তীৰ্ণ বিৱৰণ ৷ আনকি পৃথিৱীলৈ কিদৰে আহিব লাগিব তাৰ পথৰ বিৱৰণ, পৃথিৱীৰ সৈতে যোগাযোগ কৰাৰ বাবে অনুৰোধসহ এক সংকেতো থাকিব এই বাৰ্তাত ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও এনে সংকেত মহাকাশলৈ প্ৰেৰণ কৰা হৈছিলো। ১৯৭৪ চনত ৰেডিঅ’ টেলিস্কোপৰ সহায়ত পুৰ্টোৰিক’ৰ পৰা পঠিওৱা হৈছিল এনে বাৰ্তা ৷ সেই বাৰ্তাতো আছিল পৃথিৱীৰ বহু তথ্য ৷ এইবাৰ নাছাই পঠিয়াব বিচৰা আমন্ত্ৰণ পত্ৰৰ সংকেতৰাজী ১৯৭৪তকৈ বহু উন্নত বউলি কোৱা হৈছে নাছাৰ তৰফৰপৰা ৷ কিন্তু বহু বিজ্ঞানীৰ শংকা যে এই আমন্ত্ৰণে কিন্তু পৃথিৱীলৈ বিপদ আমন্ত্ৰণ কৰাহে হৈছে ৷

Comments (0)
Add Comment