‘মোৰ লক্ষ্য এতিয়া অলিম্পিক’ – প্ৰতিভাশালী দৌৰবিদ অম্লান বৰগোহাঁই; এথলেটিকচ্ সন্থাৰ সম্বৰ্ধনা
ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত বৰ্তমান এক চৰ্চিত নাম অসম সন্তান তথা দৌৰবিদ অম্লান বৰগোঁহাই। যোৱা ৬ এপ্ৰিলত কেৰেলাৰ পৰা অসমবাসীলৈ সেই ভাল খবৰটো আহিছিল। কেৰালাৰ কালিকটত অনুষ্ঠিত হোৱা ২৫ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাইয়ে ৰচিছিল এক অভিতেখ ৷ ট্ৰেকত বিজুলী গতিত দৌৰি শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে পুৰুষৰ ২০০ মিঃ দৌৰত ২০.৫২ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভেৰে ২২তম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে। অসমলৈ নিজৰ পাৰদৰ্শিতাৰে সুনাম কঢ়িয়াই অনা খেলুৱৈগৰাকীক বৃহস্পতিবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসম এথলেটিকচ্ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে। অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক কুমাৰ ভৰালীয়ে আঁত ধৰা অনুষ্ঠানটিত অম্লানে ‘সন্মুখত যদিও এছিয়ান গেমছ,কিন্তু মোৰ সপোন আৰু প্ৰধান লক্ষ্য অলিম্পিক’বুলি ভাষণত উল্লেখ কৰে। লগতে অম্লানে কয় যে “খেলিম বুলি আগবাঢ়ি আহিবলৈ এটা দৃঢ় মন লাগিব,কাৰণ সকলো ক্ষেত্ৰতে নোৱাৰো বুলি কোনো শব্দ নাই, গতিকে চেষ্টা কৰিলে খেলুৱৈ জীৱনত সফল হোৱাটো অতিকৈ সহজ৷”
সৰুসজাইৰ সভাকক্ষত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ,ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী,অসম অলিম্পিক সন্থাৰ বিষয়-ববীয়া প্ৰমুখ্যে সৰুসজাই এথলেটিকচ্ একাডেমীৰ খেলুৱৈ তথা প্ৰশিক্ষকসকল উপস্থিত থাকে। আনহাতে উক্ত অনুষ্ঠানত অম্লানৰ প্ৰশিক্ষক নিপন দাসকো অসম এথলেটিকচ্ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে।