Daily Time Axom

পুৱাৰে পৰা আৰম্ভ হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

0 13

শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। আবেলি ৪:৩০ বজাত সমাপ্ত হ’বলগীয়া পৌৰ সভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছে।

উল্লেখ্য যে জিএমচিৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত বিজেপি প্ৰাৰ্থীয়ে তিনিটা ৱাৰ্ডৰ পৰা বিনা প্ৰতিদ্বন্দিতাত ইতিমধ্যে জয়ী হৈছে। তাৰে ভিতৰত আছে ৱাৰ্ড নং ৫, ৬ আৰু ২২। ফলস্বৰূপে শুকুৰবাৰে ৫৭ টা ৱাৰ্ডৰ বাবেহে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।


য’ত ১৯৭ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । বিজেপিয়ে ৫৩ জন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে সহযোগী অগপই সাতজন প্ৰাৰ্থী প্ৰদান কৰিছে, ইফালে কংগ্ৰেছে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ।

নিৰ্বাচনত মুঠ ৭৫৭ টা ভোট কেন্দ্ৰৰ বিপৰীতে ৭,৬৩,৬০৫ জন ভোটাৰে ১৯৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব।

ভোটগণনা ২৪ এপ্ৰিল দেওবাৰে মনিৰাম দেৱান বানিজ্য কেন্দ্ৰত ৰাতিপুৱা আৰম্ভ হ’ব ভোট গননা আৰু সন্ধিয়াৰ ভিতৰত চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব ।

Leave A Reply

Your email address will not be published.