Daily Time Axom

১১ ঘন্টা চাইকেল চলাই আহি কমাণ্ডোৰ ইন্টাৰভিউ দিবলৈ আহিল মৰিগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক

0 8

জামুগুৰিহাটৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়হি যুৱক খনিন পাটৰ

কাইলৈ অনুষ্ঠিত হ’বলগীয়া অসম আৰক্ষীৰ কমাণ্ডো পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবেই সুদুৰ মৰিগাঁৱৰপৰা ১১ ঘন্টা চাইকেল চলাই আহি জামুগুৰিহাটৰ কুসুমটোলা দ্বাদশ অসম আৰক্ষী বাহিনীৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়হি এগৰাকী যুৱক ৷ মনত অদম্য আশা আৰু সপোন লৈ উপস্থিত হোৱা এটি দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী যুৱকৰ নাম খনিন পাটৰ ৷ আৰ্থিক অনাটনৰ বাবেই একমাত্ৰ চাইকেলখনকেই সাৰথি কৰি কষ্টৰ ফলত ৰত্ন পোৱাৰ প্ৰচুৰ আশা লৈ লক্ষ্যস্থানত উপনীত হোৱা দৰিদ্ৰ পৰিয়ালৰ যুৱকগৰাকীৰ পিতৃ এগৰাকী পেইন্টাৰ আছিল যদিও নানান অসুবিধাৰ বাবেই কৰ্ম পূৰ্ৱৰ দৰে কৰিব নোৱাৰাত এইগৰাকী যুৱকে পঢ়াৰ সমান্তৰালকৈ শ্ৰমিকৰ কামো কৰে ৷ যাৰবাবে এইদৰে অৰ্থৰ অভাৱত দেশ সেৱাৰ মন লৈ এটি চাকৰিৰ আশাত এইদৰেই যাত্ৰাপথত একাপ চাহ আৰু এটি ৰুটি খাই যাত্ৰা কৰি লক্ষ্যস্থানত উপনীত হৈছেহি উদ্যমী যুৱকজন ৷

আনহাতে যুৱকজনে এইদৰে ইন্টাৰভিউ দিবৰ বাবে সূদীৰ্ঘ পথ চাইকেল লৈ আহি উপস্থিত হোৱাত যুৱকজনক সাহস আৰু প্ৰেৰণা দিয়াৰ বাবে গামোছাৰে আদৰণি জনোৱাৰ লগতে থকা খোৱাৰো ব্যৱস্থা কৰি দিছে জামুগুৰিহাটৰ কুসুমটোলা পিঠাগুৰিদৌল যুৱক সংঘৰ যুৱকসকলে ৷ যুৱকজনৰ আশা পূৰণ হোৱাৰ বাবেও প্ৰাৰ্থনা জনাইছে এইসকল উপস্থিত লোকে ৷

আমিও আশা কৰিছো চাইকেল লৈ লক্ষ্যস্থান আহি পোৱা এইগৰাকী যুৱক খনিন পাটৰৰ মনৰ সপোন পূৰণ হঁওক আৰু পৰীক্ষাত সফলহৈ দেশসেৱাৰ বাবে নিজকে নিয়োজিত কৰাৰ যি সপোন সেয়া সাৰ্থক হঁওক৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ৷

Leave A Reply

Your email address will not be published.