বিহু হিন্দু উৎসৱ আৰু মুছলমানসকল অতিথিঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য
বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই শুক্ৰবাৰে কয় যে বিহু এটা হিন্দু উৎসৱ আৰু মুছলমানসকল কেৱল অতিথি।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ভট্টাচাৰ্যই কয় যে হিন্দু ধৰ্মৰ সৈতে বিহু জড়িত। তেওঁ মকৰ সংক্ৰান্তিক মাঘ বিহুৰ সৈতে তুলনা কৰাৰ লগতে কয়,”বিহু হৈছে এক হিন্দু সম্পৰ্কিত উৎসৱ কিয়নো যেতিয়া আমি হুচৰি গাওঁ,তেতিয়া ৰাম আৰু হৰিৰ সৈতে আৰম্ভ কৰোঁ। ধৰ্মীয় অনুষ্ঠানেই গৈ সামাজিক অনুষ্ঠান হোৱাৰ দৰে বিহুৰ ক্ষেত্ৰতো একেই। যদি মুছলমানসকলে বিহু উদযাপনত যোগদান কৰিব বিচাৰে তেন্তে এয়া প্ৰশংসাৰ বিষয়।”
মুছলমানসকলৰ ইফতাৰত হিন্দুসকল থকাৰ দৰে বিহুত মুছলমানসকল অতিথিৰ দৰে আছিল।
তেওঁ লগতে কয়,”ইফতাৰত যোগদান কৰিলে এজন হিন্দুক মুছলমানলৈ ৰূপান্তৰ নহয়।”
বিধায়কগৰাকীৰ এনে মন্তব্যৰ পিছত AIUDF দলৰ লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক জাঙুৰ উঠা পৰিলক্ষিত হৈছে। আনহাতে ৰাজ্যৰ বিভিন্নজন ব্যক্তি তথা নেতাই তেওঁৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে…।