বিজনীত বৈসাগু ফেষ্টিভেল উপলক্ষে ৰাষ্ট্ৰীয় বাণিজ্য মেলা
সমগ্ৰ ৰাজ্যত চলি থকা বিহুৰ উলহ মালহৰ মাজতে চিৰাং জিলাৰ বিজনীত আজিৰে পৰা আৰম্ভ হ’ল ৰাষ্ট্ৰীয় বাণিজ্য মেলা। বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিহু ফেষ্টিভেল উপলক্ষে আয়োজন কৰা কৰা ড্ৰীমলেণ্ড ৰাষ্ট্ৰীয় বাণিজ্য মেলাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিজনী জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি চন্তাৰাম বসুমতাৰীয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা বিভিন্ন প্ৰকাৰৰ বিপনী সমূহত বিজনীবাসী ৰাইজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব বুলি জানিব দিয়ে আয়োজক সমিতিয়ে।

মেলাত শিশু সকলৰ মনোৰঞ্জনৰ আহিলা নাগৰদলা, চেৰেকিৰ উপৰিও ২৬ এপ্ৰিলত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভা ওৰফে গেষ্টিক আৰু চাজু আলী ওৰফে কুৰ্বান উপস্থিত থাকিব বুলি জানিব দিয়ে আয়োজক কমিটিয়ে।