Daily Time Axom

জামুগুৰিহাটৰ গেলাহাটিঙাত বৰাইক সমাজৰ ৩৬ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন

0 7

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ইটাখোলা এলেকাৰ গেলা হাটিঙা স্থিত বীৰ শ্বহীদ বিৰছা মুণ্ডা মঞ্চত অসম ৰাজ্যিক বৰাইক সমাজৰ ৩৬ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে গেলা হাটিঙা বৰাইক সমাজৰ প্ৰাথমিক গোটৰ সভাপতি দ্বিপেন বৰাইকৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত বৰাইক সমাজ গঠনৰ ইতিহাস আৰু লক্ষ্য উদ্দেশ্যৰ বিষয়ে বহলাই বাখ্যা কৰে সভাপতি গৰাকীয়ে ।

১৯৮৬ চনৰ ২২ এপ্ৰিলত বোকাখাতত ভুমিষ্ঠ হোৱা বৰাইক সমাজে ছয়ত্ৰিশ বছৰত ভৰি দিয়াত শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । প্ৰতিষ্ঠা দিৱস উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি সকলৰ উপৰিও আটছা-আছাৰ বিষয়ববীয়াৰ লগতে সমাজৰ কেইবাগৰাকী বিশিষ্ট অতিথিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে । মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বৰাইক সমাজৰ সাজ পোছাক শিক্ষা দীক্ষা জাতিৰ সংস্কৃতি তথা বিভিন্ন দিশত জনগোষ্ঠীটোক কিদৰে সকলো দিশতে আগবঢ়াই লৈ যাব পাৰি তাৰ ওপৰত তেজস্বী ভাষন আগবঢ়ায় অধিবক্তা ববীতা বৰাইকে। ইয়াৰোপৰি আছাৰ আঞ্চলিক সভাপতি অনন্ত কুজুৰেও মুকলি অনুষ্ঠানৰ অতিথি হিচাপে অংশগ্ৰহণ কৰি বৰাইক সমাজৰ বিষয়ে বিভিন্ন দিশ সামৰি তত্বগধুৰ ভাষণ প্ৰদান কৰে । অনুষ্ঠানৰ শেষত স্থানীয় যুৱক যুৱতী য়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে ।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট।

Leave A Reply

Your email address will not be published.