Daily Time Axom

ইন্টাৰনেচনেল কিক বক্সিং আৰু কুংফু প্ৰতিযোগীতাত জামুগুৰিহাটলৈ গৌৰব কঢ়িয়াই আনিলে ১৫ গৰাকী খেলুৱৈয়ে

0 10

জামুগুৰিহাটত উষ্ম অভিনন্দন ৷

ইণ্টাৰনেচনেল কিক বক্সিং আৰু কুংফু প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে ১৫ গৰাকীকৈ বিভিন্ন বয়সৰ কিশোৰ কিশোৰীৰ লগতে যুবক যুবতীয়ে ৷ যোৱা ১৪ -১৫ আৰু ১৬ এপ্ৰিলত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত অনুষ্টিত ইন্টাৰনেচনেল অল মাৰ্টিয়েল চেম্পিয়নচিপত শোণিতপুৰ জিলা চাইনিজ চাওলিন কুংফু একাডেমীৰ ১৫ গৰাকীকৈ খেলুৱৈয়ে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয় ৷ ১৫ গৰাকী খেলুবৈৰ ভিতৰৰে ১০ গৰাকীয়ে গ’ল্ড আৰু পাচঁ গৰাকীয়ে চিলভাৰৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ শোণিতপুৰ জিলা চাইনাজ চাওলিন কুংফু একাডেমীৰ পৰা প্ৰতিনিধিত্ব কৰি কিক বক্সিং আৰু কংফু প্ৰতিযোগীতাত স্থান লাভ কৰা খেলুবৈ সকলক আজি উষ্ম অভিনন্দন জ্ঞাপন কৰে একাডেমীৰ প্ৰশিক্ষক নাৰায়ন শৰ্মা আৰু সীমা দেৱীয়ে ৷ ইয়াৰ পূৰ্বে শোণিতপুৰ জিলা চাইনিজ চাওলিন কুংফু একাডেমীৰ ১১ গৰাকী শিক্ষাৰ্থীয়ে কোচবিহাৰৰ তুফান গঞ্জত অনুষ্ঠিত নেচনেল আৰু ইন্টাৰনেচনেল প্ৰতিযোগীতাত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হয় ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট।

Leave A Reply

Your email address will not be published.