গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সাধনী দিৱসত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়া

গোলাঘাট জিলাৰ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ চুকীয়াপথাৰবাসী ৰাইজৰ সহযোগত বীৰপাল সমন্বয় ক্ষেত্ৰ, ছহিদ কুশল কোঁৱৰ হাইস্কুল খেলপথাৰ প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সাধনী দিৱস।

উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।
ৰাইজ তথা অঞ্চলবাসীক উদ্দেশ্যি সমাজকৰ্মী চুতীয়াই দিনটোৰ মহত্ব আৰু বিশেষত্ব সম্পৰ্কে নিজৰ মন্তব্য আগবঢ়ায়। আনহাতে দিনটোত বিভিন্ন জাতি জনগোষ্ঠীৰ দলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নিজ নিজ কলাকৃষ্টি প্ৰদৰ্শনেৰে সমগ্ৰ চুকীয়াপথাৰৰ আকাশবতাহ মুখৰিত কৰি তোলে।