Daily Time Axom

ব্লু কিচলুৰ মাক কোন জানেনে…

0 6

দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাল ১৯ এপ্ৰিলত পুত্ৰ সন্তানৰ মাতৃ হয়। ইতিমধ্যে তেওঁৰ পুত্ৰক এটা নাম ৰখা হৈছে। কাজলৰ স্বামী গৌতম কিচ্চলুৱে ইনষ্টাগ্ৰাম পোষ্টত নামটো প্ৰকাশ কৰিছে।

নৱজাতকৰ নাম ব্লু কিচলু ৰখা হৈছে। পোষ্টটোত শিশুটোৰ জন্মতাৰিখ, পিতৃ-মাতৃৰ নাম, ককা-আইতাৰ নাম আৰু খুৰা-খুড়ীৰ নাম উল্লেখ কৰা হৈছে।

কাজলে ২০২০ চনৰ ৩০ অক্টোবৰত ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌতম কিটচলুৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ যুগ্ম জীৱনৰ দুবছৰৰ পাছত অভিনেত্ৰীগৰাকীৰ গৰ্ভৱতী হোৱাৰ বাতৰি বিয়পি পৰিছিল।

২০২২ বছৰটোৰ জানুৱাৰী মাহত গৌতম কিচ্চলুৱে ছচিয়েল মিডিয়াৰ জৰিয়তে কাজলৰ মাতৃ হোৱাৰ খবৰ ঘোষণা কৰিছিল।

ঘটনাক্ৰমে, কাজলে অভিনয়ৰ পৰা বিৰতি লয়। তেওঁৰ পৰৱৰ্তী ছবি ‘আচাৰ্য’ ২৯ এপ্ৰিলত মুক্তি পাব। কাজলৰ উপৰিও, ইয়াত চিৰঞ্জীৱী, ৰাম চৰণ, পূজা হেগড়েৰ লগতে আন বহুতে অভিনয় কৰিছে। এই চলচ্চিত্ৰখনৰ উপৰিও অভিনেত্ৰীগৰাকীক ‘ইণ্ডিয়ান ২’, ‘পেৰিছ পেৰিছ’ আৰু ‘উমা’ত দেখা যাব।

Leave A Reply

Your email address will not be published.