Daily Time Axom

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন,মহানগৰবাসীলৈ অগপৰ ধন্যবাদ জ্ঞাপন

0 16


গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মহানগৰবাসীয়ে বিপুল ভোটত মিত্ৰজোটৰ প্ৰাৰ্থীসকলক বিজয়ী কৰাত অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি,মন্ত্ৰী কেশব মহন্তই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে।

এক প্ৰেছ বিজ্ঞপ্তিত সভাপতি বৰা আৰু কাৰ্যকৰী সভাপতি মহন্তই কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰখনে ৰাজ্যখনৰ লগতে গুৱাহাটী মহানগৰৰ বাবে গ্ৰহণ কৰা উন্নয়ণ আৰু বিকাশৰ যাত্ৰাৰ প্ৰতি সহাঁৰি জনাই মহানগৰবাসীযে বিপুল ভাৱে ভোটদান কৰি প্ৰাৰ্থীসকলক জয়ী কৰিছে। দেশৰ পাচঁখন শ্ৰেষ্ঠ মহানগৰীৰ অন্যতম মহানগৰ ৰূপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অংগীকাৰৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটিছে বুলি উল্লেখ কৰে।এই জয উন্নয়ন আৰু প্ৰগতিৰ লক্ষ্যৰে মিত্ৰজোটৰ চৰকাৰে গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ প্ৰতি বিশ্বাসৰ জয় । সভাপতি বৰা আৰু কাৰ্যকৰী সভাপতি মহন্তই সকলো বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনোৱাৰ লগতে গুৱাহাটীবাসীক ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.