অসম গণ পৰিষদৰ বোকাজান বিধান পৰিষদৰ এটি কাৰ্য্যালয় অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চন্দ্ৰ ছিং ইংতিয়ে বোকাজান চি -চি- আই গেইটত উদ্বোধন কৰে। সভাত অসম বিধান সভাৰ উপাধ্যক্ষ তথা বোকাজান বিধান সভাৰ বিধায়ক ডা:নোমল মমিনৰ উপস্থিতিয়ে সকলোকে উৎসাহিত কৰে। উপাধ্যক্ষগৰাকীয়ে ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। আনহাতে সভাত উপস্থিত অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক প্ৰশান্ত বৰাইও বক্তব্য প্ৰদান কৰে। অগপ বোকাজান বিধান পৰিষদৰ সম্পাদক কাৰ্তিক দাসে সভাৰ আত ধৰে। অসম গণ পৰিষদৰ ভাতৃ /ভগ্নী সংগঠন অসম কৃষক পৰিষদ, অসম যুৱ পৰিষদ,অসম মহিলা পৰিষদৰ বোকাজান বিধান পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকল, ডেৰ শতাধিক অগপ কৰ্মীৰ উপস্থিত আছিল।