মহানগৰীত কংগ্ৰেছ সোমাল শূন্যৰ ঘৰত, কোন ৱাৰ্ডত কোন প্ৰাৰ্থী জয়ী হ’ল
গুৱাহাটী পৌননিগমৰ নিৰ্বাচনৰ ফলাফল উলাল । বিজেপিৰ ধুমুহাত উৰি গ’ল কংগ্ৰেছ ।
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অতি লজ্জাজনক ভাবে পৰাজয় হোৱা কংগ্ৰেছ দলে লাভ কৰিলে শূন্য আসন । এটা ৱাৰ্ডতো জয় লাভ কৰিবলৈ সক্ষম নহ’ল কংগ্ৰেছ। এই নিৰ্বাচনত কংগ্ৰেছৰ পৰিৱৰ্তে আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদেই দখল কৰিবলৈ সক্ষম হ’ল এটাকৈ ৱাৰ্ড ।
বিজেপি মিত্ৰজোঁটে ৫৮টা ৱাৰ্ড দখল কৰিলে। প্ৰতিটো ৱাৰ্ডতে কংগ্ৰেছতকৈ আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীয়েহে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰে প্ৰতিদ্বন্দিতা প্ৰদান কৰিলে।
কোন ৱাৰ্ডত কোন প্ৰাৰ্থী জয়ী হ’ল-
- ১নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ হুকুম চান আলী বক্সিৰ জয়।
- ২নং ৱাৰ্ডত বিজেপিৰ মুকুল কলিতাৰ জয়লাভ।
- ৩নং ৱাৰ্ডত বিজেপিৰ কল্লোল চক্ৰৱৰ্তীৰ জয়।
- ৪নং ৱাৰ্ডত বিজেপিৰ কনকলতা দেৱৰ জয়।
- ৫নং ৱাৰ্ডত বিজেপিৰ সঞ্জয় দাসৰ জয়।
- ৬নং ৱাৰ্ডত বিজেপিৰ সুতাপা সৰকাৰৰ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়।
- ৭নং ৱাৰ্ডত বিজেপিৰ ৰিংকুমণি ব্ৰহ্ম জয়ী।
- ৮নং ৱাৰ্ডত বিজেপিৰ সুধন্য মালাকাৰ জয়ী।
- ৯নং ৱাৰ্ডত বিজেপিৰ অৰ্চনা দাস বিজয়ী।
- ১০নং ৱাৰ্ডত অগপৰ কল্পনা দাস জয়ী।
- ১১নং ৱাৰ্ডত বিজেপিৰ মঞ্জুলা দেৱীৰ জয়।
- ১২নং ৱাৰ্ডত অগপ প্ৰাৰ্থী দীপাংকৰ বৈশ্যৰ জয়।
- ১৩নং ৱাৰ্ডত অগপৰ পূৰবী তালুকদাৰৰ জয়।
- ১৪নং ৱাৰ্ডত বিজেপিৰ মঞ্জু বৰাৰ জয়।
- ১৫নং ৱাৰ্ডত বিজেপিৰ সৌৰভ জুনজুনৱালা জয়ী।
- ১৬নং ৱাৰ্ডত বিজেপিৰ প্ৰমোদ স্বামীৰ জয়।
- ১৭নং ৱাৰ্ডত বিজেপিৰ স্নিগ্ধা বৰুৱাৰ জয়।
- ১৮নং ৱাৰ্ডত বিজেপিৰ শংকৰ চক্ৰৱৰ্তীৰ জয়।
- ১৯নং ৱাৰ্ডত বিজেপিৰ ব্ৰিজেশ ৰয়ৰ জয়।
- ২০নং ৱাৰ্ডত বিজেপিৰ দৌল গোপাল মণ্ডলৰ জয়।
- ২১নং ৱাৰ্ডত বিজেপিৰ সন্দীপ দেৱৰ জয়।
- ২২নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপিৰ স্মৃতা ৰয়ৰ।
- ২৩নং ৱাৰ্ডত বিজেপিৰ মঞ্জিতা দৈমাৰীৰ জয়।
- ২৪নং ৱাৰ্ডত অগপৰ বিজু মেধীৰ জয়।
- ২৫নং ৱাৰ্ডত বিজেপিৰ মঞ্জুলা ৰাভা জয়ী।
- ২৬নং ৱাৰ্ডত বিজেপিৰ ৰাণা চেতিয়াৰ জয়।
- ২৭নং ৱাৰ্ডত বিজেপিৰ ৰিংকু মণি বৰাৰ জয়।
- ২৮নং ৱাৰ্ডত বিজেপিৰ স্নিগ্ধা দৈমাৰী জয়ী।
- ২৯নং ৱাৰ্ডত বিজেপিৰ মৃগেন শৰণীয়া জয়ী।
- ৩০নং ৱাৰ্ডত বিজেপিৰ বিনীতা দত্ত চৌধুৰী জয়ী।
- ৩১নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী ৰত্না সিঙৰ জয়।
- ৩২নং ৱাৰ্ডত বিজেপিৰ নিলম জ্যোতি ভূঞাৰ জয়।
- ৩৩নং ৱাৰ্ডত অগপ প্ৰাৰ্থী মীৰা দাস চহৰীয়াৰ জয়।
- ৩৪নং ৱাৰ্ডত বিজেপিৰ জোনমণি বৰাৰ জয়।
- ৩৫নং ৱাৰ্ডত বিজেপিৰ নবীন বৰাৰ জয়।
- ৩৬নং ৱাৰ্ডত বিজেপিৰ মেঘ্না হাজৰিকাৰ জয়।
- ৩৭নং ৱাৰ্ডত বিজেপিৰ স্বপ্না দেৱীৰ জয়।
- ৩৮নং ৱাৰ্ডত বিজেপি শশাংক জ্যোতি ডেকাৰ জয়।
- ৩৯নং ৱাৰ্ডত বিজেপিৰ অভিক সৌম জয়ী।
- ৪০নং ৱাৰ্ডত বিজেপিৰ ববিতা ডেকা জয়ী।
- ৪১নং ৱাৰ্ডত বিজেপিৰ বাসন্তী কলিতা দুৱাৰাৰ জয়।
- ৪২নং ৱাৰ্ডত আম আদমি পাৰ্টীৰ মাছুমা বেগমৰ জয়লাভ।
- ৪৩নং ৱাৰ্ডত বিজেপিৰ অঞ্জনা বৰাৰ জয়।
- ৪৪নং ৱাৰ্ডত বিজেপিৰ সত্যেন্দ্ৰ নাথ ভট্টৰ জয়।
- ৪৫নং ৱাৰ্ডত বিজেপিৰ মাধৱী তালুকদাৰ জয়ী।
- ৪৬নং ৱাৰ্ডত বিজেপিৰ আশিস ভৰালী জয়ী।
- ৪৭নং ৱাৰ্ডত বিজেপিৰ প্ৰফুল্ল মহন্ত জয়ী।
- ৪৮নং ৱাৰ্ডত বিজেপিৰ দুলুমণি কাকতিৰ জয়।
- ৪৯নং ৱাৰ্ডত বিজেপিৰ অৰূপ ডেকা জয়ী।
- ৫০নং ৱাৰ্ডত বিজেপিৰ উৎপল মহন্তৰ জয়।
- ৫১নং ৱাৰ্ডত বিজেপিৰ ডিম্পল ৰাভাৰ জয়।
- ৫২নং ৱাৰ্ডত বিজেপিৰ গকুল গোস্বামীৰ জয়লাভ।
- ৫৩নং ৱাৰ্ডত বিজেপিৰ লিপিকা পাটোৱাৰী কলিতাৰ জয়।
- ৫৪নং ৱাৰ্ডত বিজেপিৰ গীতা ঠাকুৰীয়াৰ জয়।
- ৫৫নং ৱাৰ্ডত বিজেপিৰ মনোজ কুমাৰ নাথ বিজয়ী।
- ৫৬নং ৱাৰ্ডত বিজেপিৰ ৰাখী বৰাৰ জয়।
- ৫৭নং ৱাৰ্ডত বিজেপিৰ কবিতা শৰ্মা জয়ী।
- ৫৮নং ৱাৰ্ডত বিজেপিৰ গৌৰী বৰা জয়ী।
- ৫৯নং ৱাৰ্ডত বিজেপিৰ অসীম শইকীয়া জয়ী।
- ৬০নং ৱাৰ্ডত বিজেপিৰ ভূপেন বৰুৱা জয়ী।