বিজেপিৰ চমকপ্ৰদ গুৱাহাটী পৌৰসভা নিৰ্বাচনী ফলাফলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য়সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।তেওঁ কয় ‘চেঙা,মানকাছৰত কাইলৈ জয়ী হ’ব পাৰে আপ। কংগ্ৰেছ,AIUDF,AAP,AJPৰ ভোটবেংক একেই। কেজৰিৱালে কি জানে অসমৰ কথা ?’ মাৰ্ঘেৰিটাই আৰু কয় যে, ‘আপ আৰু অজাপ মিঞা ভোটৰ সহযোগত জয়ী হৈছে। খিলঞ্জীয়া হিন্দু, মুছলমান,খ্ৰীষ্টান,শিখ,জৈনৰ ভোট বিজেপিৰ পক্ষত। ৬০ৰ ভিতৰত ৫৮খন আসনত আমাক ৰাইজে মৰম দিছে। আমাৰ বাবে প্ৰত্যেকটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ।আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছিলো, দিলে। এখন সৰ্বাংগ সুন্দৰ গুৱাহাটী কথা দিয়া মতেই হ’ব।’