গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ বিপুল জয় লাভ
ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰজোঁটে গুৱাহাটী পৌৰ নিগম (জিএমচি) নিৰ্বাচন ২০২২ ত বিপুল জয় লাভ কৰিছে ।
নিৰ্বাচনত মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত বিজেপি মিত্ৰজোঁট ৫৮ খন আসনত বিজয়ী হয়। আনহাতে, কংগ্ৰেছ-০, আপ-১ আৰু অজাপই-১খন আসন লাভ কৰে ।
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন , ২০২২
মুঠ ৱাৰ্ড : ৬০
বিজেপি : ৫২
অগপ : ৬
এজেপি : ১
আপ : ১
কংগ্ৰেছ : ০
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে জয় লাভ কৰাৰ পিছত গুৱাহাটীৰ জনসাধাৰণক ধন্যবাদ জনাই টুইট কৰে।

গুৱাহাটীৰ লোকসকলক মূৰ দোঁৱাই প্ৰনাম : জে পি নাড্ডা
@BJP4Assam আৰু ইয়াৰ সহযোগীসকলক এক ঐতিহাসিক জয় দিয়াৰ বাবে মই গুৱাহাটীৰ জনসাধাৰণৰ ওচৰত মূৰ দোঁৱাই নমস্কাৰ জনাইছো। এই বৃহৎ জনাদেশৰ সৈতে, প্ৰধানমন্ত্ৰী শ্ৰী @narendramodi জীৰ নিৰ্দেশনাত আমাৰ উন্নয়ন যাত্ৰাৰ ওপৰত জনসাধাৰণে তেওঁলোকৰ বিশ্বাস পুনৰ নিশ্চিত কৰিছে : জে পি নাড্ডা