Daily Time Axom

জামুগুৰিহাটৰ ইটাখোলা শ্ৰীমন্তশঙ্কৰদেৱ ভৱনত বিশেষ ইফটাৰ সম্পন্ন

0 6

চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি তথা অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী লেখক সাহিত্যিক লক্ষীকান্ত বৰাৰ বিশেষ তৎপৰতাত আৰু ইটাখোলা বিজেপিৰ যুৱমৰ্চ্ছাৰ সহযোগত বৃহত্তৰ ইটাখোলা অঞ্চলৰ ইছলাম ধৰ্মালম্বী লোক সকলৰ পবিত্ৰ ৰমজান‌ মাহ উপলক্ষে কালি সন্ধিয়াৰ ইফটাৰ পাৰ্টিৰ আয়োজন কৰা হয় ।জামুগুৰিহাটৰ ইটাখোলা শ্ৰীমন্তশঙ্কৰদেৱ ভৱনত বিভিন্ন ধৰনৰ সুস্বাদু খাদ্য সামগ্ৰী সন্মুখত লৈ সকলোৱে একেলগে বহি আহাৰ গ্ৰহন কৰা মনোৰম দৃশ্যই ইটাখোলাত এক বিশেষ তাৎপৰ্য্য বহন কৰিলে৷ বিভিন্ন জাতি জনগোষ্ঠীৰ তথা ধৰ্মালম্বী লোকৰ মিলন ভূমি হিচাপে খ্যাত ইটাখোলাত কালি সন্ধিয়া আয়োজন কৰা ইফটাৰ পাৰ্টিয়ে হিন্দু আৰু মুছলমান লোকসকলৰ মাজৰ সমন্বয়ৰ এক বিশেষ বাৰ্তা ৰাজ্য খনৰ সকলো শ্ৰেনীৰ ৰাইজৰ মাজলৈ কঢ়িয়াই আনিলে বুলি উক্ত পাৰ্টিত উপস্থিত সচেতন ৰাইজে মন্তব্য কৰিছে।


জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.