কোকৰাঝাৰত কংগ্ৰেছ সভাপতিৰ নেতৃত্বত মৌন সমদল
গুজৰাটৰ বিধায়ক, দলিত নেতা জিগনেশ মেৱানীক অবৈধভাৱে গ্ৰেপ্তাৰ কৰা আৰু তেওঁৰ ওপৰত চলোৱা মানসিক উৎপীড়নৰ প্ৰতিবাদত কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ৰ পৰা কোকৰাঝাৰ আৰক্ষী থানালৈ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই বিধায়কদ্বয় ক্ৰমে দিগন্ত বৰ্মন, এ’ কে ৰছিদ, প্ৰদেশ কংগ্ৰেছ আৰু কোকৰাঝাৰ জিলা কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাসকলক লগত লৈ এক মৌন প্ৰতিবাদ সমদলত ভাগ লয়।