Daily Time Axom

ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে… ঢোল-পেঁপা বজালে প্ৰধানমন্ত্ৰী মোডীয়ে, সৰ্বানন্দ সোণোৱালে বজালে হাত চাপৰি

0 6

সন্ধিযা নতুন দিল্লীত বিহুৰ আনন্দত ভাগ ল’লে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নতুন দিল্লীৰ সফদৰজং স্থিত চৰকাৰী বাসভৱনত শনিবাৰে সন্ধিয়া সোণোৱালে আয়োজন কৰিছিল বিহু অনুষ্ঠান ৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ বিহুৰ তালে তালে ঢুলীয়াৰ সৈতে ঢোলত চাপৰ দিয়া দেখা গ’ল প্ৰধানমন্ত্ৰীজনক ৷ পেঁপাতো ফুঁ দি অসমৰ পৰা যোৱা পেঁপুৱৈৰ লগত পেঁপা বজালে নৰেন্দ্ৰ মোডীয়ে।

পেঁপাত লহৰ দিয়াৰ চেষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ কাষত সৰ্বানন্দ সোণোৱালৰ হাত তালি

অসমৰ পৰা যোৱা বিহু বিশেষজ্ঞ প্ৰসন্ন গগৈৰ নেতৃত্বত এটা দলে বিহু প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰীৰ সন্মুখত ৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীক ঢোল-পেঁপাৰ লগতে আন অসমীয়া পৰম্পৰাগত উপহাৰেৰে বিহুৰ ওলগ জনোৱা হয় ৷

Leave A Reply

Your email address will not be published.