ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে নাৰায়নপুৰৰ পানবাৰী পঞ্চায়তত বিশেষ গাওঁ সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত


ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পঞ্চাতীৰাজ দিৱস উপলক্ষে আজি লখিমপুৰ জিলাৰ নাৰায়নপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পানবাৰী গাওঁ পঞ্চায়তত এখনি বিশেষ গাওঁ সভা অনুষ্ঠিত হয় । যিহেতু ভাৰত চৰকাৰে কৃষিখণ্ডত অধিক গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী কৃষি যোজনাৰ অধীনত কৃষক সকলক আৰু শক্তিশালী কৰা উদ্দেশ্যে কৃষি ঋন প্ৰদান কৰা সম্পৰ্কত আচনি যোগানৰ যি পদক্ষেপ গ্ৰহণ কৰিছে সেই সম্পৰ্কত আজি পানবাৰী গাওঁ পঞ্চায়ত কাৰ্যালয়ত এখনি বিশেষ গাওঁ সভা অনুষ্ঠিত হয় । ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ জিলাৰ উপসভাপতি লক্ষীকান্ত বৰাৰ সভাপতিত্বত নাৰায়নপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মনিমা বৰা ,পানবাৰী পঞ্চায়তৰ সভানেত্ৰী দিপ্ত দেউৰী ,লখিমপুৰ জিলাৰ নাৰায়নপুৰ মহকুমা কৃষি সম্প্ৰসাৰন সহায়ক শসাংক নেওগ,জি-আৰ-এছ কৃষ্ণ নেওগ,পঞ্চায়ত সচিব বিকাশ গগৈয়ে কৃষি সম্পৰ্কে মন্তব্য আগবঢ়ায় । উল্লেখযোগ্য যে আজি দিনৰ ভাগত অত্যাধিক বৰষুণ দিয়াৰ পাছতো প্ৰায় অৰ্ধশতাধিক কৃষকে অংশগ্ৰহণ কৰাত একপ্ৰকাৰ আগন্তুক দিনত অঞ্চলটোলৈ অধিক কৃষি বিপ্লৱৰ সংস্কাৰ হোৱাটো নিশ্চিত হৈ পৰিছে ।



নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ।

Comments (0)
Add Comment