Daily Time Axom

নাজিৰাৰ সাত আৰু আঠ নং ৱাৰ্ডত একাঠু পানী, ক্ষোভিত ৰাইজ

0 5

পৌৰসভা নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনীতি দলৰ নেতাই ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ঠিকেই কিন্তু বৃহৎ ভোটত পৌৰসভা নিৰ্বাচনত বিজয়ী হোৱাৰ পিছতেই ৰাইজৰ সমস্যা সমস্যা হৈয়ে ৰ’ল।

আজি অহা মূষলধাৰ বৰষুণৰ ফলত নাজিৰা পৌৰসভাৰ অন্তৰ্গত ৭ আৰু ৮নং ৱাৰ্ডৰ ৰাইজৰ বাসগৃহসমূহ দেখা গ’ল পানীৰে উপচি পৰা। ফলত নাজিৰাৰ পৌৰসভাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিল স্থানীয় ৰাইজ । উপায়ন্তৰ হৈ ক্ষোভিত ৰাইজে নাজিৰাৰ বৰআলি বাঁহ বান্ধি বন্ধ কৰিবলৈ বাধ্য হয়।

এজাক বৰষুণতেই এইদৰে নাজিৰা ৭ আৰু ৮নং ৱাৰ্ডৰ পথ,নলা,নৰ্দমা,বাসগৃহ উপচি পৰিল পানীৰে।ইয়াৰ মূল কাৰণো এটাই অঞলটোত পৰিকল্পিতভাৱে নলা নিৰ্মাণ কৰা । পৌৰসভা নিৰ্বাচনৰ পূৰ্বে নলা কাম আৰম্ভ কৰি ৰাইজৰ পৰা ভোট পোৱাৰ আশাৰে এইদৰে পৰিকল্পিতভাৱে নলা নিৰ্মাণ কৰা হয় নাজিৰা পৌৰসভাৰ অন্তৰ্গত ৭ আৰু ৮নং ৱাৰ্ডত।

এতিয়া ৰাইজৰ মাজত যাতায়তৰ আহুকাল সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । নাজিৰাৰ পৌৰসভা অকমণ্যতাৰ বাবেই এইদৰে একাঠু পানীৰে উপচি পৰিল বৰআলি।

নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপ’ৰ্ট ।

Leave A Reply

Your email address will not be published.