সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়াই
দেওবাৰে ৫৮ সংখ্যক সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়াৰ লগতে “DailyTime Axom” ৰ মুখ্য সঞ্চালিকা দেৱযানী চুতীয়াই ।

অসমৰ সকলো জাতি জনগোষ্ঠীৰ জাতীয় সাজ পাৰ পৰিধান কৰি বিভিন্ন দল আৰু বিদ্যালয়, মহাবিদ্যালয় সমুহৰ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অধিক জীপাল কৰি তোলে সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ পহিলা দিনটো৷