Daily Time Axom

বিজনীত প্ৰথম বাবে অনুষ্ঠিত Mr & Ms Chirang’ 2022 প্ৰতিযোগিতা

0 6

চিৰাং জিলাৰ বিজনীত দেওবাৰে প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰা হয় Mr & Ms Chirang’ 2022 প্ৰতিযোগিতা। Chirang district body building & fitness Association ৰ উদ্যোগত আৰু বিজনীৰ Fitness Planet Gym ৰ সহযোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখনি। বিজনী মহাবিদ্যালয়ৰ বীৰেন্দ্ৰগিৰি বসুমতাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতা খনি আনুষ্ঠানিকভাৱে মঞ্চ মুকলি কৰে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিৰহাসগিৰি বসুমতাৰীয়ে।

উক্ত অনুষ্ঠানত বিটিআৰৰ মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মণিকান্ত বসুমতাৰী, বঙাইগাঁও ৰিফেইনেৰীৰ DGM ভাষ্কৰ চৌধুৰীসহ কেইবাগৰাকীও আমন্ত্ৰিত অতিথি অংশগ্ৰহণ কৰে। আনফালে গোলাপ ৰাভা, শেখৰজ্যোতি মহন্ত আৰু নয়ন মেধি বিচাৰক হিচাপে অংশগ্ৰহণ কৰা Mr & Ms chirang 2022 প্ৰতিযোগিতা খনিত কেবাটাও জিমৰ ছাত্র-ছাত্ৰী সকলে অংশ লয়।

Leave A Reply

Your email address will not be published.