কোন হ’ব গুৱাহাটীৰ নতুন মেয়ৰ ? দৌৰত মৃগেন শৰণীয়া, শশাংক ডেকা আৰু মেঘনা হাজৰিকা ৷

মহানগৰবাসীৰ মুঠ ২,৩৭,৭৪২ টা ভোট লাভেৰে (কেৱল বিজেপি) ৫০ খন আসনৰ ৫৮ খনতেই বৃহৎ জয় লাভেৰে ( ৬খন অগপৰ) বিজেপি মিত্ৰ জোঁটে গুৱাহাটী পৌৰ নিগম পুনৰ নিজৰ দখলত ৰাখিলে ৷ তাৰ পাছতেই এতিয়া স্বাভাৱিকতে চৰ্চা লাভ কৰিছে – কোন হ’ব গুৱাহাটীৰ নতুন মেয়ৰ ? কোন বহিব মেয়ৰৰ চকীত ? এই লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা, জল্পনা-কল্পনা ।

মৃগেন শৰণীয়া আৰু শশাংক ডেকা একেলগে

গুৱাহাটেৰ নতুন মেয়ৰ হিচাপে চৰ্চালৈ আহিছে তিনিটা নাম ৷ এইবাৰকে ধৰি তৃতীয় বাৰৰ বাবে ২৯ নং ৱাৰ্ডৰ পৰা জয় লাভ কৰা মৃগেন শৰণীয়া, নং ৩৮ ৱাৰ্ডৰ পৰা দ্বিতীযবাৰৰ বাবে জয় লাভ কৰা শশাংক ডেকা আৰু ৩৬ নং ৱাৰ্ডৰ পৰা প্ৰথমবাৰৰ বাবে জয় লাভ কৰা মেঘনা হাজৰিকা- এই তিনিটা নাম চৰ্চালৈ আহিছে ৷

গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া ৷ সেয়ে, দলৰ পুৰণি সদস্য আৰু প্ৰাক্তন মেয়ৰ হিচাপে থকা অভিজ্ঞতা আৰু কোনো বিতৰ্ক নথকাৰ বাবে মৃগেন শৰণীয়া নিয়মমতে বিজেপিৰ প্ৰথম পচন্দ হ’ব লাগে যদিও সেয়া নিৰ্ভৰ কৰিব দলীয় ৰাজনীতিৰ ভাৰসাম্যৰ ওপৰত ৷

শশাংক ডেকা

আনহাতে, মেয়ৰৰ দৌৰত আছে বিজেপিৰ যুৱ নেতা শশাংক ডেকা ৷ শশাংক ডেকাও দলটোৰ পুৰণি কৰ্মী ৷ ছাত্ৰাৱস্থাৰ পৰাই বিজেপিৰে জড়িত ৷ এবাৰ পৌৰ নিগমৰ পাৰিষদ ৰূপে কাৰ্যনিৰ্বাহ কৰি যথেষ্ট অভিজ্ঞ ৷ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘনিষ্ঠ শশাংক ডেকাক শৰণীয়াৰ বিকল্প ৰূপে মেয়ৰ হিচাপে প্ৰক্ষেপ কৰা হ’ব পাৰে বুলিও চৰ্চা চলিছে দলটোৰ ভিতৰ চ’ৰাত ।

ইফালে এবাৰ মহিলাক অগ্ৰাধিকাৰ দিব লাগে বুলি যদি দলটোৱে বিবেচনা কৰে তেন্তে তেতিয়া মেঘনা হাজৰিকাৰ নাম তুলাচনীলৈ আহিব বুলি জানিব পৰা গৈছে ।

মেঘনা হাজৰিকা, বেঙুনীয়া সাজ পৰিহিত গৰাকী

অহা বৃহস্পতিবাৰৰ ভিতৰত নতুন মেয়ৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে ৷ ডেপুটি মেয়ৰৰ পদটো মিত্অৰ হিচাপে অগপক বিজেপিয়ে এৰি দিব বুলি আশাবাদী অগপ ৷

মৃগেন শৰণীয়া

Comments (0)
Add Comment