ইষ্টাৰত এতিয়া ৰক্তাক্ত পৰিবেশ। দেওবাৰে, ৰাছিয়াৰ শেলবোৰে চহৰখনত এটাৰ পিছত আন এটাকৈ আক্ৰমণ চলাইছিল ৰাছিয়াই। মাৰিঅ’পোলত ইউক্ৰেইনৰ বাহিনীৰ অন্তিম ঘাটি আজভষ্টাল কাৰখানাত বহুলোকে আশ্ৰয় লৈ আছিল বুলি ৰাছিয়াৰ সেনাই জানিব পাৰি আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।
ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলাইছিল। তাৰ পিছত প্ৰায় দুমাহ পাৰ হ’ল। ৰাজধানী কিয়েভ, খাৰকভ, মাৰিঅ’পোল, ওডেছা আৰু চুমিকে ধৰি কেইবাখনো চহৰ প্ৰায় ধ্বংসস্তূপলৈ পৰিণত হৈছে। এনে পৰিস্থিতিত, ইউক্ৰেনীয়সকলে দেওবাৰে অৰ্থোডক্স ইষ্টাৰ উদযাপন কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কিয়েভৰ কেথেড্ৰেলৰ পৰা এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি তেওঁ কৈছিল, “বিজয় আহিব।”