Daily Time Axom

জামুগুৰিহাটৰ সমীপৰ চতিয়াত গজৰাজৰ আকস্মিক মৃত্যু

0 9

জামুগুৰিহাটৰ সমীপৰ চতিয়াৰ দক্ষিণাঞ্চলত মংগলবাৰে পুৱতি নিশা এক গজৰাজৰ মৃত্যু হয় ৷ চতিয়াৰ দক্ষিণাঞ্চলৰ চিতলমাৰী আৰু মাজুলীআটিৰ সীমান্তৱৰ্তী পথাৰত ৰাতিপুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে গজৰাজৰ মৃতদেহ । প্ৰথমাৱস্থাত স্থানীয় ৰাইজে কোনো দুস্কৃতিকাৰীয়ে হত্যা কৰি যোৱাৰ সন্দেহ কৰিছিল যদিও বনবিভাগে পশুচিকিৎসকৰ দ্বাৰা মৰনোত্তৰ পৰীক্ষাৰ পিছতহে গজৰাজে অত্যাধিক ভোজনৰ বাবে আকস্মিক মৃত্যু হোৱাতো নিশ্চিত হয় ৷ সম্প্ৰতি মৃত গজৰাজৰ পৰা দুটাকৈ দাঁত উদ্ধাৰ কৰা হয় ৷ প্ৰায় চাৰি ফুঁটৰ দুটা দাঁত ইতিমধ্যে বনবিভাগে চমজি লৈছে ৷ উক্ত স্থানতে গজৰাজ সমাধিস্থৰ বাবে বনবিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

Leave A Reply

Your email address will not be published.