Daily Time Axom

নৱনিৰ্মিত তেজপুৰ কৰ্কট চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ, একেদিনাই চালে নগাঁৱৰ কৰ্কট চিকিৎসালয়ৰ স্থানো

0 8

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা একত্ৰে শুভ উদ্বোধন কৰিব লগা সাতখন নৱনিৰ্মিত কৰ্কট চিকিৎসালয়ৰ অন্যতম তেজপুৰ কৰ্কট চিকিৎসালয় আজি পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। সোমবাৰে দুপৰীয়া চিকিৎসালয় চৌহদত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অহা বৃহস্পতিবাৰে ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব লগা কেন্দ্ৰীয় উদ্বোধনী সমাবেশৰ সৈতে সংগতি ৰাখি তেজপুৰ কৰ্কট চিকিৎসালয়তো শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত স্থানীয় ভাৱে আয়োজিত উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বিষয়ে বুজ লয়।

বিভাগীয় মন্ত্ৰী মহন্তৰ পৰিদৰ্শনকালত চিকিৎসালয়খন পৰিদৰ্শনকালত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জিয়াউদ্দিন আহমেদ, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশী, কৰ্কট চিকিৎসালয়খনৰ অধীক্ষক লেফটেনেণ্ট কৰ্নেল ডাঃ সঞ্জীৱ হাজৰিকা, নিৰ্মাণকাৰী সংস্থা এলএণ্ডটি আৰু গুনগত মান নিৰীক্ষণকাৰী সংস্থা ম’ট মেকড’নাল্ডৰ প্ৰকল্প কাৰ্যবাহীও উপস্থিত থাকে। ইতিমধ্যে কৰ্কট চিকিৎসালয়খনত অধীক্ষকৰ উপৰি কৰ্কট ৰোগ চিকিৎসাৰ প্ৰশিক্ষণপ্ৰাপ্ত বিশেষজ্ঞ চিকিৎসক, নাৰ্ছ, ৰেডিঅ’লজী সহায়ক, লেবৰেটৰী সহায়ক আদিয়ে যোগদান কৰাৰ বিষয়ে চিকিৎসালয় কৰ্তৃপক্ষই পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীৰ দ্বাৰা ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে আনুষ্ঠানিক উদ্বোধনৰ পাছত অহা ২৯ এপ্ৰিলৰ পৰাই তেজপুৰ কৰ্কট চিকিৎসালয়ৰ বহিঃ বিভাগত ৰোগীৰ বাবে কেম’থেৰাপী, চিটি স্কেন আদি সকলো সুবিধা উপলব্ধ হ’ব। উল্লেখ্য যে, অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় কৰ্কট কেন্দ্ৰৰ লগতে বৰপেটা, তেজপুৰ, লখিমপুৰ, যোৰহাট, কোকৰাঝাৰ আৰু দৰঙত ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা সাতখন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্বোধন কৰিব।


তেজপুৰ কৰ্কট চিকিৎসালয়ৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী মহন্তই আজি আগবেলা অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা নগাঁও কৰ্কট চিকিৎসালয়ৰ স্থানো পৰিদৰ্শন কৰে। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদত নিৰ্মাণ কৰিবলৈ লোৱা এই নতুন কৰ্কট চিকিৎসালয়খনৰ বাবেও অহা বৃহস্পতিবাৰে ডিব্ৰুগড়ত আয়োজিত একেটা অনুষ্ঠানৰ মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে আধাৰশিলা স্থাপন কৰিব। উল্লেখ্য যে, অসম চৰকাৰ আৰু টাটা ন্যাসৰ যৌথ উদ্যোগত নগাঁৱৰ লগতে তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, নলবাৰী, গোৱালপাৰা আৰু ধুবুৰীত নিৰ্মাণ কৰিবলৈ লোৱা মুঠ সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে সেইদিনা ডিব্ৰুগড়ৰ পৰা একেলগে আধাৰশিলা কৰিব। এই আধাৰশিলাৰ লগত সংগতি অহা ২৮ এপ্ৰিলত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত স্থানীয় ভাৱে নগাঁও কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা কাৰ্যসূচী হিচাপে এখন ৰাজহুৱা সভাৰো আয়োজন কৰা হৈছে৷ স্বাস্থ্যমন্ত্ৰী মহন্তই নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ সৈতে আগবেলা নগাঁও অসামৰিক চিকিৎসালয় চৌহদত উপস্থিত হৈ আধাৰশিলাৰ স্থান পৰিদৰ্শন কৰাৰ পাছত বৃহস্পতিবাৰৰ আধাৰশিলা কাৰ্যসূচীৰে সংগতি ৰাখি আয়োজন কৰা ৰাজহুৱা সভাৰ সামগ্ৰিক প্ৰস্তুতিৰো বুজ লয়। মন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শনকালত নগাঁৱৰ উপায়ুক্ত নিসৰ্গ হিবৰে, অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা (স্বাস্থ্য), ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ললিত চন্দ্ৰ নাথ, লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা নিকুঞ্জ মোহন গোস্বামী, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ প্ৰকল্প সমন্বয়কো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.